Ajmal Foundation : সৰ্বভাৰতীয় পৰ্য্যায়ত উজলি উঠিল আজমল !

আজমল ফাউণ্ডেচনে আজুৰি আনিলে সোণৰ বঁটা আৰু আনটো ব্ৰঞ্জৰ বঁটা

WhatsApp Image 2022 12 08 at 17.29.11 3

Ajmal Foundation :

নতুন দিল্লীৰ অনুষ্ঠিত নৱম চি.এছ. আৰ সন্মিলন বঁটা-২০২২ নামৰ বিশেষ অনুষ্ঠান আয়োজন কৰা হয় । “ৰাষ্ট্ৰ নিৰ্মাণত চি.এছ.আৰৰ ভূমিকা” শীৰ্ষক বিষয়ৰ ওপৰত হৈছিল আলোচনা , অৱশেষত দিল্লীৰ National CSR Summit & CSR TIMES এই আজমল ফাউণ্ডেচনক প্ৰদান কৰিলে দুটাকৈ বঁটা ।

এটা সোণৰ আৰু আনটো ব্ৰঞ্জৰ । শৈক্ষিক জগতত আজমল সুপাৰ ৪০ পদক্ষেপত সোণৰ বঁটা আৰু আজমল জীৱিকা নিৰ্বাহ আচঁনিত ব্ৰঞ্জৰ বঁটা |

অসমজুৰি খ্যাতি লাভ কৰা হোজাইৰ অগ্ৰণী সমাজসেৱী সংস্থা আজমল ফাউণ্ডেচনে শৈক্ষিক ক্ষেত্ৰখনত এক নৱজাগৰণ সূচনা কৰি চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও আজমল ছুপাৰ ৪০ৰ জৰিয়তে ইতিহাস সৃষ্টি কৰাত সোণৰ বঁটাৰে সন্মানিত কৰা হয় আজমল ফাউণ্ডেচনক ।

উল্লেখযোগ্য যে আজমল ফাউণ্ডেচনৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহে ৰাজ্যৰ শীৰ্ষ স্থান দখল কৰি ইতিমধ্যে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হয়। বিগত তিনটা বছৰতে আজমল ছুপাৰ ৪০ৰ জৰিয়তে ৩৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীক চিকিৎসক আৰু ইঞ্জিনীয়াৰ বনাবলৈ সক্ষম হয় |

ইয়াৰ উপৰিও আজমল ফাউণ্ডেচনৰ বিশেষ আঁচনি “আজমল জীৱিকা নিৰ্বাহ আঁচনি”ৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ ক্ষেত্ৰত অনবদ্য অৱদানৰ বাবে ব্ৰঞ্জৰ বঁটা আৰু এখনি মান পত্ৰৰে সন্মানিত কৰে ।

আজমল ফাউণ্ডেচনে হাজাৰ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক দক্ষতা বিকাশৰে প্ৰশিক্ষণ দি সংস্থাপন দিবলৈ সক্ষম হৈছিল , লগতে বহুতো দুখীয়া অসহায় লোকক জীৱিকা নিৰ্বাহ কৰিবলৈ জীৱিকাৰ পথ বিচাৰি বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় আজমল ফাউণ্ডেচনে।

আজমল ফাউণ্ডেছনে এই সোণ আৰু ব্ৰঞ্জৰ বঁটা লাভ কৰাত আজমল পৰিয়াল, আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী তথা যমুনামুখৰ বিধায়ক মহাম্মদ ছিৰাজুদ্দিন আজমলৰ লগতে সঞ্চালক ড° খচৰুল ইছলামে অভিনন্দন জ্ঞাপন কৰে ।

বঁটা দুয়োটা আজমল ফাউণ্ডেচনৰ হৈ মহা প্ৰৱন্ধক ড ° এম আৰ এইচ আজাদে নতুন দিল্লীৰ এই বিশেষ অনুষ্ঠানত গ্ৰহণ কৰে । সামাজিক ন্যায় আৰু শক্তিকৰণৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক সহ লোকসভাৰ কেইবাগৰাকীও সাংসদ উপস্থিত থাকে অনুষ্ঠানটিত।

Exit mobile version