Alia Bhatt : মাতৃত্ব‌ই তেওঁৰ জীৱনত কি কি পৰিৱর্তন আনিছে, জনালে আলিয়া ভট্টে

alia ranbir 1 1667891747

Alia Bhatt :

জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভট্টে মাতৃ হোৱা এমাহো হোৱা নাই । ইতিমধ্যে তেওঁক মুম্বাইৰ যোগ প্রশিক্ষণ শিক্ষাকেন্দ্রৰ বাহিৰত দেখা গৈছে ।

মাতৃ হোৱাৰ পাছত নিজৰ স্বাস্থ্যক লৈ সচেতন হৈছে ৰণবীৰ-পত্নী । ইয়াৰ মাজতে মাতৃত্ব সন্দৰ্ভত মুখ খুলিছে অভিনেত্রীয়ে । তেওঁ জনাইছে যে, জীৱনৰ এই নতুন পর্যায়ে তেওঁক যথেষ্ট সলনি কৰিছে ।

মাতৃ হোৱাৰ পাছত নিজৰ প্রথম গুৰুত্বপূর্ণ সাক্ষাৎকাৰত এক আন্তর্জাতিক সংবাদমাধ্যমক আলিয়াই কয়, ‘‘মাত্র তিনি সপ্তাহৰ ভিতৰত মাতৃত্ব‌ই মোক যথেষ্ট সলনি কৰি দিছে ।’’

এই প্রসংগতেই আলিয়াৰ পৰা জানিব বিচৰা হয়, আগন্তুক দিনত চৰিত্র নির্বাচনৰ ক্ষেত্রত মাতৃত্ব‌ই কি ভূমিকা পালন কৰিব । উত্তৰচ আলিয়াই কয়, ‘‘ম‌ই যিদৰে কোনো চৰিত্র নির্বাচন কৰো, তাৰ ওপৰত মোৰ মাতৃ হোৱাৰ বিষয়ে কেনেধৰণৰ প্রভাৱ পেলাব, সেয়া ম‌ই নাজানো ।’’

লগতে ‘ব্রহ্মাস্ত্র’ ছবিৰ ইশাই কয়, ‘‘মাতৃত্ব জীৱনৰ প্রতি মোৰ দৃষ্টিভংগী যথেষ্ট সলনি হৈছে । এনে লাগে, আগতকৈ মোৰ মন এতিয়া আৰু উন্মুক্ত হৈছে । সেয়ে ইয়াৰ পাছত মোৰ জীৱনে কোন দিশে গতি কৰিব, তাক লৈ ম‌ই যথেষ্ট উত্তেজিত ।’’

এইটো বছৰ আলিয়াৰ কেৰিয়াৰত অতি গুৰুত্বপূর্ণ । ইফালে তেওঁৰ হাতত যেনেদৰে ‘গংগুবাঈ কাথিয়াৱাড়ি’ আৰু ‘ব্রহ্মাস্ত্র’, তেনেদৰেই আছে ‘আৰ আৰ আৰ’-ৰ দৰে ব্লকবাষ্টাৰ ছবি ।

গেল গেডোৰ স’তে হলিউডৰ ‘হার্ট অৱ ষ্টোন’ ছবিৰ শ্বুটিঙো সমাপ্ত কৰিছে তেওঁ । প্রযোজনা কৰিছে ‘ডার্লিংছ’ ছবি খন ।

Exit mobile version