Invisible Cloak : চীনে আৱিষ্কাৰ কৰিলে অদৃশ্য হোৱাৰ জেকেট , দাম শুনিলে আপুনিও হ’ব আচৰিত

WhatsApp Image 2022 12 08 at 18.05.14

Invisible Cloak :

আপুনি অদৃশ্য হ’ব বিচাৰে নেকি ? এই অফাৰ আহিলে অধিকাংশ লোকেই ল’ব । হেৰী পটাৰৰ সেই বিখ্যাত ‘ ক্লক অফ ইনভিজিবিলিটি ‘ ক এইবাৰ বাস্তৱত আৱিষ্কাৰ কৰি উলিয়ালে চীনাৰ এটা গৱেষকৰ দলে । অন্ততঃ এইটোৱে তেওঁলোকৰ দাবী।

প্ৰকৃততে এইটো এটা কোট। গৱেষকসকলে দাবী কৰে যে ইয়াক পাঁচটা সাধাৰণ কোটৰ পৰা পৃথকে চিনাক্ত কৰিব নোৱাৰি। আৰু সেইটোৱেই ইয়াৰ বিশেষত্ব

এই কোটটো পিন্ধিলে হেৰী পটাৰৰ দৰে ‘অদৃশ্য’ হ’ব পাৰে। কেৱল সেয়াই নহয় , ‘অদৃশ্য’ ব্যক্তিজন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সযুক্ত সিকিউৰিটি কেমেৰাটো ধৰা নপৰে ।

নতুনকৈ আৱিষ্কৃত এই পোছাকটোৰ নাম ‘ইনভিছডিপেন্স’ ৰখা হৈছে। যিয়ে সহজে কেমেৰাৰ চকুক প্ৰতাৰণা কৰিব পাৰে। অৱশ্যে, চৰকাৰে এনে অদৃশ্য পোছাকৰ ব্যৱহাৰক ৰেহাই দিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

গৱেষকসকলে দাবী কৰিছে যে এই পোছাকৰ মূল্য খুব বেছি নহ’ব। ভাৰতীয় মুদ্ৰাত এই অদৃশ্য পোছাকৰ মূল্য প্ৰায় ছয় হেজাৰ টকা হ’ব। গৱেষকসকলে দাবী কৰে যে এই ধৰণৰ পোছাক যুদ্ধক্ষেত্ৰত অতি উপযোগী।

তেওঁলোকে অনুমান কৰে যে শত্ৰুৰ চকু এৰাই চলিবলৈ এই পোছাকটো কাৰ্যকৰী হ’ব পাৰে। অৱশ্যে, সেই ক্ষেত্ৰত, এই পোছাকৰ প্ৰযুক্তি আৰু উন্নত কৰা প্ৰয়োজন বুলি গৱেষকসকলে জনাইছে ।

Exit mobile version