Two State Election Result:গুজৰাটত কংগ্ৰেছ ধুলিসাৎ, বিপৰীতে হিমাচলত কংগ্ৰেছৰ অভূতপূৰ্ব উদ্থান

হিমাচলত বিধ্বস্ত বিজেপি, গুজৰাটত চৰকাৰ গঠনৰ দিশে বিজেপি,হিমাচলত আপ শূন্য,গুজৰাট ৮ খনত অগ্ৰগতি

WhatsApp Image 2022 12 08 at 14.30.34

Two State Election Result:
২০২৪ ৰ লোকসভা নিৰ্বাচনৰ চেমিফাইনেল ৰূপে পৰিগণিত হোৱা গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ আজি পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনাত গুজৰাটত পুনৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি ৷ কিন্ত হিমাচলত বিধ্বস্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে শাসনাধিষ্ঠ বিজেপি ৷ পাহাৰীয়া ৰাজ্য খনত ৰাজকীয় উদ্থান হৈছে কংগ্ৰেছৰ |

৬৮ আসন বিশিষ্ট হিমাচল প্ৰদেশত কংগ্ৰেছে ৪০ আসনত অগ্ৰগতিৰ বিপৰীতে বিজেপিয়ে ২৫ আসনত অগ্ৰগতি লাভ কৰিছে ৷ আপ শূন্য আৰু নিৰ্দলীয়ই তিনি আসনত আগবাঢ়ি আছে ৷ পাৰ্বত্য ৰাজ্য খনত বিজেপিক পৰাভূত কৰি ক্ৰমাৎ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ ৷

উল্লেখ্য যে ২০১৭ ৰ নিৰ্বাচনত বিজেপিয়ে ৪৪খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল আৰু কংগ্ৰেছে লাভ কৰিছিল ২১ খন আসন ৷ শেহতীয়া খবৰ অনুসৰি বিজেপিৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ ২৪ হাজাৰৰো অধিক ভোট লাভ কৰি বিজয়ী হৈছে৷

আনহাতে দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত পুনৰ চৰকাৰ গঠনৰ দিশে অগ্ৰগতি লাভ কৰিছে বিজেপি ৷

গুজৰাটত পুনৰবাৰ ধূলিসাৎ হোৱাৰ দিশে কংগ্ৰেছ ৷ একেদৰে চৰকাৰ গঠনৰ হুংকাৰ দিয়া অৰবিন্দ কেজৰিয়াল নেতৃত্বাধীন আম আদমী পাৰ্টি মাত্ৰ পাঁচখন আসনত অগ্ৰগতি লাভ কৰিছে ৷

১৮২ আসনৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া চলি থকা সময়তে যেন স্পষ্ট হৈ পৰিল ৰাজ্যখনৰ সমগ্ৰ দৃশ্যপদ ৷ ৰাজ্যখনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে মেজিক নম্বৰ ৯২ নম্বৰ অতিক্ৰম কৰি ১৫৭ খনত ৰাজকীয় অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৬,আপ পাঁচ আৰু অন্যান্যই ৩ খনত আগবাঢ়িছে ৷

শেহতীয়া খবৰ অনুসৰি গুজৰাটত পুনৰ সপ্তমবাৰৰ বাবে শাসনৰ গাদী অক্ষুণ্ণ ৰাখিলে বিজেপিয়ে ৷ ইতিমধ্যেই ৰাজ্যখনত চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে ৷

Exit mobile version