Delhi Murder : শ্রদ্ধা হত্যাত অভিযুক্ত আফতাবৰ ফাঁচীৰ দাবী শ্রদ্ধাৰ পিতৃৰ

1127364 shraddha murder aftab saket court

Delhi Murder :

শ্রদ্ধা ৱালকাৰ হত্যাত অভিযুক্ত তেওঁৰ প্রেমিক আফতাব আমিন পুনাৱালাক ফাঁচী দিব লাগে । আফতাবৰ পৰিয়ালৰ সদস্যসকলকো তদন্তৰ আওতাত অনা উচিত । শুকুৰবাৰে এই দাবী কৰিলে শ্রদ্ধাৰ পিতৃ বিকাশ মদন ৱালকৰে । বিকাশৰ আক্ষেপ, আৰক্ষীয়ে আগতেই তৎপৰ হ’লে তেওঁৰ কন্যা জীৱিত হৈ থাকিল হয় ।

শ্রদ্ধা হত্যাকাণ্ড পোহৰলৈ অহাৰ পাছত এয়ে প্রথম সাংবাদিকৰ সন্মুখত আহিল বিকাশ । শুকুৰবাৰে সাংবাদিক বৈঠকত তেওঁ কয়, ‘‘এই হত্যাকাণ্ডৰ যথাযথ তদন্ত কৰা উচিত । তেওঁক (আফতাবক) ফাঁচী দিয়া উচিত । তেওঁৰ পৰিয়ালৰ সদস্যসকলো শাস্তি পোৱা প্ৰয়োজন ।’’

বিকাশৰ দাবী, আৰম্ভণিতেই কন্যাৰ নিখোজ হোৱাৰ অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষী তৎপৰ নহয় । তেওঁ কয়, ‘‘মহাৰাষ্ট্রৰ মানিকপুৰ আৰু বছই থানাৰ অসহযোগিতাত ম‌ই বহু সমস্যাত সন্মুখীন হ’বলগীয়া হৈছিল । সময় মতে আৰক্ষীয়ে পদক্ষেপ লোৱা হ’লে মোৰ কন্যা হয়তো জীয়াই থাকিল হয় । মোৰ কন্যাৰ লগত যি হৈছে, সেয়া যেন অন্য কাৰো লগত নহয় ।’’

শুকুৰবাৰে সাংবাদিক বৈঠকৰ আগতে মহাৰাষ্ট্রৰ উপমুখ্যমন্ত্রী দেবেন্দ্র ফডণবীছৰ স’তে সাক্ষাৎ কৰে বিকাশে । এই গোচৰত দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি বিকাশক আশ্বাস দিছে ফডণবীছে ।

যদিও বিকাশৰ দাবী, ‘‘তুলিঞ্জ, বছই আৰু নালাছোপাৰা থানাৰ আৰক্ষীয়ে তদন্তত পলম কৰিছে । এতিয় অৱশ্যে দিল্লী আৰু বছই আৰক্ষীয়ে যথাযথ তদন্ত কৰিছে ।’’

১৮ মে’ত দক্ষিণ দিল্লীৰ মেহৰৌলি অঞ্চলৰ ছতৰপুৰৰ এটা ভাড়াৰ ফ্লেটত ২৭ বছৰীয়া শ্রদ্ধাক শ্বাসৰোদ্ধ কৰি হত্যাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ লিভ-ইন সংগী আফতাবৰ বিৰুদ্ধে ।

অভিযোগ, হত্যাৰ পাছত শ্রদ্ধাৰ দেহ ৩৫ টুকুৰা কৰে তেওঁ । ইয়াৰ পাছতে সেই টুকুৰাবোৰ ভৰাই ৰাখিবৰ বাবে এটা তিনিশ লিটাৰ ফ্রিজো কিনে তেওঁ ।

হত্যাৰ পাছত ১৮ নিশা ছতৰপুৰ পাহাৰীৰ অৰণ্যত এই টুকুৰাবোৰ পেলাই থাকে আফতাবে । এ সকলোখিনি আফতাবে তদন্তকাৰীৰ ওচৰত স্বীকাৰ কৰিছে বুলি দাবী । যদিও এই স্বীকাৰোক্তিৰ পক্ষত প্রমাণ যোগাৰ কৰিছে তদন্তকাৰীসকলে ।

শ্রদ্ধাৰ হত্যাৰ অভিযোগত ১২ নৱেম্বৰত আফতাবক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে । প্রথমে পাঁচ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰা হৈছিল আফতাবক । ১৭ নৱেম্বৰত সময় বঢ়াই আৰু পাঁচ দিন কৰে আদালতে ।

ইয়াৰ পাছৰ পৰা বিচাৰকৰ নির্দেশত তেওঁক জেল হেফাজতত ৰখা হৈছে । শুকুৰবাৰে আৰু ১৪ দিনৰ বাবে আফতাবৰ জেল হেফাজতৰ ম্যাদ বৃদ্ধি কৰাৰ নির্দেশ দিছে আদালতে । ইতিমধ্যে আফতাবৰ পলিগ্রাফ আৰু নার্কো এনালিছিছ পৰীক্ষা কৰোৱা হৈছে বুলি আৰক্ষী সূত্রে খবৰ ।

শ্রদ্ধাৰ স’তে লিভ-ইনত থকাৰ সময়ত তেওঁক মাৰধৰৰ অভিযোগো উত্থাপন হৈছে আফতাবৰ বিৰুদ্ধে । ২০১৯ত আৰক্ষীক আফতাবৰ বিৰুদ্ধে মাৰধৰৰ অভিযোগ কৰে শ্রদ্ধা‌ই ।

অভিযোগপত্রত শ্রদ্ধাৰ দাবী আছিল, মাৰধৰৰ কথা আফতাবৰ পৰয়ালৰ সদস্যসকলে জানিছিল । অৱশ্যে পাছত স্থানীয় থানাত জনাইছিল যে, মাতৃ-পিতৃৰ স’তে কথা-বার্তাৰ পাছত শ্রদ্ধাই লিখিতভাৱে থানাত জনায় যে, তেওঁলোকৰ মাজত হাই-কাজিয়া নহয় ।

তদন্তকাৰীসকলৰ দাবী, এখন পত্ৰত শ্রদ্ধাই লিখিছিল, ‘‘আজি মোক ডিঙি টিপি হত্যা কৰাৰ চেষ্টা কৰিছে তেওঁ (আফতাব) । মোক ভয় খোৱায়, ব্লেকমেইল কৰে যে মোক মাৰি পেলাব । টুকুৰা টুকুৰাকৈ কাটি পেলাব । ছ মাহ হৈ গ’ল মোক মাৰধৰ কৰিছে । অৱশ্যে আৰক্ষীৰ কাষত যোৱাৰ সাহস নাই ।’’

বিগত বছৰৰ মাজভাগতে শ্রদ্ধাৰ স’তে শেষবাৰ কথা হৈছিল বুলি জনাইছে বিকাশে । তদুপৰি, আফতাবৰ স’তে যোৱা ছেপ্টেম্বৰত তেওঁৰ ফোনত কথা হৈছিল । সেই সময়ত শ্রদ্ধাৰ মোবাইল বন্ধ আহিছে বুলি জনাইছিল তেওঁৰ এজন বন্ধুৱে ।

বিকাশে কয়, ‘‘সেই সময়ত আফতাবক কৈছিল, ‘শ্রদ্ধা তোমাৰ স’তে আঢ়ৈ-তিনি বছৰ আছে । তেওঁ যদি ক’ৰবাত গুচি যায়, মোক জনোৱাতো কি তোমাৰ দায়িত্ব নহয় ?’ তেওঁ কৈছিল, শ্রদ্ধা ক’ত গৈছে, নাজানো ।’’

Exit mobile version