MP borewell : মধ্যপ্রদেশত চাৰিশ ফুট গভীৰ কুঁৱাত পৰিল শিশু

উদ্ধাৰকাৰ্য অব্যাহত

WhatsApp Image 2022 12 09 at 15.18.03

MP borewell :‌

৬০ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই মধ্যপ্রদেশত চাৰিশ ফুট গভীৰ কুঁৱাত পৰা আঠ বছৰীয়া শিশু তন্ময় সাহুক । যোৱা ছয় ডিচেম্বৰত মধ্যপ্রদেশৰ বেটুলত খেলি থাকোতে গভীৰ কুঁৱাত পৰি যায় শিশুটি ।

শিশুটিক উদ্ধাৰ কৰিবৰ বাবে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হয় ঘটনাস্থলীত

তন্ময়ক উদ্ধাৰ কৰিবলৈ কাষতেই এটা কুঁৱা খনন কৰা হৈছে । কিন্তু দুৰ্যোগ প্ৰশমন বাহিনীৰ সদস্যসকলে জনাইছে, শিলাময় মাটি হোৱা ‌হেতুকে দ্রুত খননকাৰ্য চলাব পৰা নাই ।

খননকাৰ্যৰ গতি বৃদ্ধি কৰিবব বাবে বিশেষ যন্ত্র ব্যৱহাৰ কৰা হৈছে যদিও এই পৰ্যন্ত মাত্র ৩৩ ফুট গাঁত খন্দা সম্ভৱ হৈছে বুলি জনাইছে স্থানীয় জিলা প্ৰশাসকে ।

অৱশ্যে জিলাপ্ৰশাসকে লগতে জনাইছে, তেওঁলোকে দ্রুত শিশুটিৰ ওচৰত পোৱাৰ চেষ্টা কৰিছে । তেওঁলোকৰ প্রাথমিক পৰিকল্পনা হ’ল ৪৫ ফুট পর্যন্ত খননকাৰ্য চলাই শিলৰ আৱৰণ আঁতৰাই সুৰংগ খান্দে ।

সুৰংগ খন্দাৰ মতে নৰম মাটিৰ স্তৰ নাপালে উদ্ধাৰকাৰ্যত বিলম্ব হ’ব পাৰে বুলি আশংকা প্রকাশ কৰে তেওঁ ।

অৱশ্যে আঠ বছৰৰ তন্ময় এতিয়াও জীৱিত হৈ আছে । ওপৰৰ পৰা শিশুটিৰ ৰক্তচাপ, শ্বাস-প্রশ্বাসৰ হাৰ পৰীক্ষণ কৰা হৈছে । কিন্তু আতংকত বা অন্য কোনো কাৰণত সি সম্প্রতি অজ্ঞান হৈ পৰিছে ।

ওপৰৰ পৰা বিশেষ পদ্ধতিত বার্তা প্ৰেৰণ কৰাত তাৰ ফালৰ পৰা কোনো উত্তৰ অহা নাই । অৱশ্যে খাদ্য, খেলা সামগ্ৰীসহ অন্যান্য সামগ্রী দি তাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ৰখাৰ চেষ্টা চলিছে‌ ।

বেটুলৰ অতিৰিক্ত জিলা উপায়ুক্ত শ্যামেন্দ্র জয়ছৱাসে সংবাদমাধ্যক জনাইছে, ছয় ডিচেম্বৰত সন্ধিয়া ছয় বজাৰ পৰা উদ্ধাৰকাৰ্য অব্যাহত আছে ।

শিশুটিৰ পিতৃ সুনীল চাহুৱে জনাইছে, যোৱা ছয় ডিচেম্বৰত তেওঁৰ শিশু পুত্র খেলপথাৰত খেলিবলৈ গুচি যায় । তাত এটা খোলা কুঁৱা আছিল । খেলি থাকোতেই এই বিপর্যয় ঘটে ।

জিলা প্রশাসন, আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ উচ্চপদস্থ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত থাকি উদ্ধাৰকাৰ্য তদাৰকী কৰিছে । এই ঘটনাত উদ্বেগ প্রকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানেও ।

শিশুটিক সুস্থভাৱে উদ্ধাৰ কৰিবৰ বাবে জিলা প্রশাসনক তেওঁ প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ নির্দেশ দিছে ।

অৰক্ষিত কুঁৱাত পৰাৰ ঘটনা এয়ে প্রথম নহয় । আগতেও বহুবাৰ খেলি থাকোতে শিশু এনে কুঁৱাত পৰি গৈছে । যাৰ ভিতৰত অনেককেই জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাযায় ।

Exit mobile version