Adhaar Card : অসমসহ আঠ ৰাজ্যত ভুৱা আধাৰ কাৰ্ডৰ বিৰুদ্ধে অভিযানৰ প্ৰস্তুতি

981740 untitled design 2021 10 22t213922.907

Adhaar Card :

অবৈধ অনুপ্ৰৱেশকাৰীয়েও সহজে অসমত প্ৰৱেশ কৰি ভুৱা আধাৰকাৰ্ড সংগ্ৰহ কৰা বুলি বিগত সময়ত উত্থাপিত হৈ অহা অভিযোগৰ পৰিপ্ৰেক্ষিতত অসম-বাংলাদেশ সীমান্তৱৰ্তী ৰাজ্যখনৰ পাঁচখন জিলাত বিশেষ অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে।

দেশৰ মুঠতে আঠখন ৰাজ্যৰ ভিতৰত অসমতো ভুৱা আধাৰ কাৰ্ড চিনাক্ত কৰিবলৈ বিশেষ সমীক্ষা চলাবলৈ চিহ্নিত কৰা জিলাকেইখন হ’ল কৰিমগঞ্জ, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু হাইলাকান্দি।

উল্লেখ্য যে সমগ্র দেশব্যাপী ভুৱা আধাৰ কাৰ্ডে কার্যতঃ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সূত্ৰে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে অসমৰ লগতে পশ্চিমবংগ, মেঘালয়, ত্ৰিপুৰা, কেৰালা, তামিলনাড়ু, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ভুৱা আধাৰ কাৰ্ড চিনাক্ত কৰিবলৈ বিশেষ অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে।

ইয়াৰে ভিতৰত অসমৰ পাঁচখন জিলাৰ উপৰি মেঘালয়ৰ পূব খাচী পাহাৰ জিলা, ত্ৰিপুৰাৰ এখন, মহাৰাষ্ট্ৰৰ দুখন আৰু কেৰালা, তামিলনাড়ু, কর্ণাটকত এখনকৈ জিলাক এই অভিযানৰ বাবে চিনাক্ত কৰা হৈছে।

যোৱা নৱেম্বৰৰ অন্তিম সপ্তাহত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বিভিন্ন ৰাজ্যৰ গৃহ সচিবসকলৰ এক বৈঠকত ভুৱা আধাৰ কাৰ্ডৰ বিষয়টোক লৈ বিস্তৃতভাৱে আলোচনা কৰা হয়।

এই আলোচনা কালতে ভুৱা আধাৰ কাৰ্ড চিনাক্ত কৰিবলৈ কিদৰে অভিযান চলোৱা হ’ব, সেই সম্পৰ্কত ৰাজ্যসমূহৰ পৰা পৰামৰ্শ বিচাৰে কেন্দ্ৰীয় গৃহ সচিবজনে।

প্রাপ্ত তথ্য মতে, ভুৱা আধাৰ কাৰ্ডকলৈ সমগ্ৰ দেশজুৰি কেতবোৰ দুষ্টচক্রই অব্যাহত ৰখা ৰমৰমীয়া বেহা বন্ধ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে এক বিশেষ ব্যৱস্থা প্ৰৱৰ্তনৰ চিন্তা- চৰ্চা কৰিছে।

এই ব্যৱস্থাৰ অংশ হিচাপে ভুৱা আধাৰ কাৰ্ডৰ প্ৰচলন ৰোধ কৰিবলৈ নির্দিষ্ট ৰাজ্যসমূহৰ নিৰ্দিষ্ট জিলাকেইখনত এক অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়। উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এই চিন্তা-চৰ্চা সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এইবুলি মন্তব্য কৰিছে যে ভুৱা আধাৰ কাৰ্ড সমগ্ৰ দেশৰ বাবে বিপজ্জনক হৈ পৰিছে।

ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ আৰু ইয়াৰ প্ৰচলন বন্ধ কৰাৰ বাবে শীঘ্ৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো প্রয়োজন। বিশেষকৈ আন্তর্জাতিক সীমাৰ স’তে সংলগ্ন ৰাজ্যসমূহ আৰু অধিক বিপজ্জনক বুলি মণিপুৰৰ মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে।

তেওঁ স্পষ্ট কৰি দিয়ে যে ভুৱা আধাৰ কাৰ্ডৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে যি নির্দেশনা দিয়ে সেয়া কাৰ্যকৰী কৰিবলৈ মণিপুৰ চৰকাৰ সাজু আছে। লক্ষ্যণীয় যে সমগ্র বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ স’তে পুনৰ আলোচনাত মিলিত হ’ব পাৰে বুলি কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ এক সূত্ৰই সদৰী কৰিছে।

Exit mobile version