Adnan Swami : অবিশ্বাস্য ! ২০০ কেজিৰ আদনানে কেনেকৈ নিজৰ ওজন হ্ৰাস কৰিলে ?

‘’ওজন নকমালে আপোনাৰ মৃত্যু হ’ব 'কেনেকৈ নতুন জীৱন পালে আদনানে ?

WhatsApp Image 2022 12 10 at 19.36.14

Adnan Swami :

২০০ কেজি ওজনৰ পিছত যুদ্ধ আৰম্ভ কৰিছিল জনপ্ৰিয় সংগীত শিল্পী আদনান স্বামীয়ে । বৰ্তমান ১৫৫ কেজি ওজন হ্ৰাস কৰি সংগীত শিল্পীজন ৪৫ কেজি ওজনৰ এজন সুন্দৰ যুৱকলৈ ৰূপান্তৰিত হ’ল ।

এটা সময়ত নিজৰ বৰ্ধিত ওজনৰ বাবে ভীষণ ট্ৰোলৰ সন্মুখীন হৈছিল তেওঁ । বিশেষকৈ ‘ তেৰা চেহেৰা ‘ , ‘উড়ি উড়ি’, ‘ইক্স হোতা নেহি’ , আদি গীতৰ সময়ত তেওঁ প্ৰচণ্ড মানসিক চাপত ভুগিছিল । জীৱনৰ চূড়ান্ত সাফল্যৰ এনে সময়তো তেওঁৰ মনৰ শান্তি নোহোৱা হৈছিল ।

অতিৰিক্ত ওজনৰ বাবে দৈনন্দিন জীৱনত না-না সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছিল তেওঁ । সম্প্ৰতি সেই সময়ৰ অভিজ্ঞতাৰ কথা শিল্পীজনে নিজ মুখে ব্যক্ত কৰিছিল ।

আদনানে কৈছিল , অতিৰিক্ত মেদৰ বাবে তেওঁৰ শ্বাসকষ্টত ভুগিছিল । চিকিৎসকে কৈছিল সোনকালে ওজন হ্ৰাস নকৰিলে তেওঁ হয়তো বাচি নেথাকিব । চিকিৎসকৰ পৰামৰ্শত সম্পূৰ্ণৰূপে ভাঙি পৰিছিল তেওঁ ।

ইয়াৰ পিছতে তেওঁ প্ৰতিজ্ঞা কৰিছিল যে , তেওঁ যেনে-তেনে বৰ্ধিত ওজন হ্ৰাস কৰিব । অৱশেষত চিকিৎসকৰ পৰামৰ্শ মতে তেওঁ এই যুদ্ধ আৰম্ভ কৰিলে । প্ৰথমতে তেওঁ এজন পুষ্টিবিদৰ কাষ চাপিল ।

শৰীৰচৰ্চাৰ কাৰণে এজন ফিটনেচ প্ৰশিক্ষক নিযুক্তি দিলে । ওজন কমোৱাৰ এই প্ৰক্ৰিয়া তেওঁৰ বাবে ইমান সহজ নাছিল । সুস্বাদু আহাৰ খাই ভাল পোৱা আদনানে চিজ , কেক আৰু ফেটজাতীয় সকলো আহাৰ পৰিহাৰ কৰিলে ।

যিদিনাই ওজন কমোৱাৰ এই যাত্ৰা আৰম্ভ কৰিলে সকলো খাদ্য তালিকা সলনি কৰিলে । ভাত , ৰুটি ফাইবাৰ জাতীয় সকলো খাদ্য এৰি দিছিল তেওঁ ।

দৈনিক ৰাতিপুৱা চালাদ, দৈ, মাছ , দালি আদি সিজাই খাবলৈ আৰম্ভ কৰিছিল । একেদৰে চেনি একেবাৰেই এৰি দিছিল তেওঁ । আনকি দুপৰীয়া সময়তে আদনানে সিজোৱা পাচলি আৰু চালাদ খাইছিল ।

নিশা সিজোৱা দালি,গ্ৰিলড চিকেন খাই শুই পৰিছিল তেওঁ । সঠিক ডায়েট মানি ৪০ কেজি কমোৱাৰ পিছত তেওঁ জিমত যোৱাৰ অনুমতি পাইছিল ।

জিমত গৈ তেওঁক প্ৰথমে সাধাৰণ ব্যায়াম কৰিবলৈ দিয়া হৈছিল । কিছুমাহৰ পিছত ‘ওৱেট ট্ৰেনিং’ আৰম্ভ কৰিছিল । এইদৰেই তেওঁ প্ৰতি মাহত প্ৰায় ১০ কেজি ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছিল ।

এইদৰেই কঠোৰ অনুশাসনমূলক অনুশীলনৰ পিছত তেওঁ ১৫৫ কেজি ওজন হ্ৰাস কৰি ৪৫ কেজি ওজন পাবলৈ সক্ষম হয় ।
আদনানে পুনৰ কৈছিল , বৰ্ধিত ওজনৰ বাবে তেওঁ বহি বহিয়েই শুৱলৈ লৈছিল ।

এবাৰ বহিলে পুনৰ উঠিব নোৱাৰা এক অৱস্থা হৈছিল তেওঁৰ । আনকি বহাৰ পৰা উঠিবলৈ তেওঁৰ এজন মানুহৰ সহায়ৰ দৰকাৰ হৈছিল ।

দৈনিক প্ৰতিটো কামতে তেওঁ আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল । শাৰীৰিক কষ্টৰ সমান্তৰালকৈ মানসিক যন্ত্ৰণাও তেওঁক বহুত কষ্ট দিছিল । লাহে লাহে অৱসাদগ্ৰস্ত হৈ পৰিছিল তেওঁ ।

এই বিপুল ওজন কমোৱাৰ কোনো বাটেই বিচাৰি পোৱা নাছিল তেওঁ । এক অনিশ্চয়তাপূৰ্ণ হতাশাই আগুৰি ধৰিছিল তেওঁক ।
আদনানে কৈছিল , ‘’ আমাৰ যি অৱস্থা হৈছিল , যাক লৈ মই নিজেই শংকিত হৈ পৰিছিলো ।‘’ আনকি চিকিৎসকেও মোক কৈছিল , ‘’ ওজন নকমালে আপুনি কোনোবাদিনা মৃত্যু হ’ব ।‘’

গাড়ীত উঠিবলৈ মোৰ বৰ কষ্ট হৈছিল । উঠিলেও ঠিক মতে বহিব পৰা নাছিলো । অৱশেষত ওজন কমাৰ পিছত মই যেন নতুন জীৱন ঘূৰাই পালো ।

Exit mobile version