Car Fire: মহানগৰীত নিশা ৰাজপথত দাওদাওকৈ জ্বলিল এখন আই টেইন বাহন

900abd49 8ba4 4ac1 bcfa 7b23589a31db

Car Fire :

মহানগৰীত ৰাজপথত দাও দাওকৈ জ্বলিল এখন আই টেইন বাহন। হাতীগাঁৱৰ ৰাজপথত সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে বাহন খন দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।

গণেশগুৰি পৰা হাতীগাঁও অভিমুখে গৈ থকা পথত সংঘটিত হৈছিল দুৰ্ঘটনা৷ পিছত দুৰ্ঘটনাগ্ৰস্ত বাহনখন ক্ৰেনেৰে উঠাই নি থকা সময়তে ক্ৰেনখনৰ চালকজনৰ ভুলৰ বাবেই হঠাতে জ্বলি উঠে বাহনখন। ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ক্ৰেন চালকে।

ৰাজপথত বাহন খন জ্বলাৰ পিছতে হাতীগড় ৰাজপথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

Exit mobile version