Guwahati Iit : গুৱাহাটী আই আই টিত পুনৰ আত্মহত্যাৰ ঘটনা

চিপ লৈ আত্মহত্যা অধ্যাপকৰ

6525g4

Guwahati Iit :

মহানগৰীৰ উপকন্ঠ আমিনগাঁৱস্থ গুৱাহাটী প্ৰযুক্তি প্ৰতিষ্ঠানত অঘটন ৷ পুনৰ সংঘটিত হয় আত্মহনণৰ ঘটনা ৷ গণিত বিভাগৰ অধ্যাপক ড:সমীৰ কালামে চিপ লৈ আত্মহত্যা কৰে ৷

অধ্যাপক আবাসৰ নিজ কোঠাতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় অধ্যাপক জনৰ মৃতদেহ ৷ইতিমধ্যে ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে জি এম চি এইছলৈ ৷

কি কাৰণত আত্মহনণৰ দৰে চৰম সিদ্ধান্ত বাচি ল’লে অধ্যাপকজনে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

Exit mobile version