Hair Care Tips :
সৌন্দৰ্যৰ অন্যতম আকৰ্ষণ হৈছে চুলিকোছা । কিদৰে আমি মূৰৰ চুলিকোছা গোটেই জীৱন অক্ষুন্ন কৰি ৰাখিব পাৰো , সেই তাগিদাতে আমি সপ্তাহত দুই বা তিনিবাৰ পৰ্যন্ত চেম্প্যু কৰি চুলিৰ পৰিচৰ্যা কৰো ।
কিন্তু আমি চুলিৰ যত্ন ল’বলৈ গৈ অজানিতে চুলিৰ ক্ষতি কৰি আছো নেকি ? এই ভুল কৰা আগে আমি কিন্তু সতৰ্ক হোৱাটো খুবেই জৰুৰী । সেইয়েহে চেম্প্যু কৰাৰ সময়ত কোনকেইটা কাম আমি কৰিব নেলাগে ।
# বহুতেই চেম্প্যু কৰাৰ আগে চুলি ভালকৈ নোধোৱে । এইকাম কেতিয়াও কৰিব নেলাগে । আচলতে মূৰ ধোৱাৰ পিছতহে চেম্প্যু কৰিব লাগে । পাৰিলে অন্তত দুবাৰ মূৰ ধোৱাৰ পিছতহে চেম্প্যু কৰব লাগে ।
# কেতিয়াও চেম্প্যু কৰোতে জোৰকৈ ঘঁহিব নেলাগে । আচলতে চেম্প্যু কৰোতে সাধাৰণভাৱে মালিচ কৰিলেই চুলিৰ গুৰি সুন্দৰকৈ পৰিষ্কাৰ হয় লগতে চুলিৰ গুৰিও মজবুত হৈ থাকে ।
# বহুতেই আক’ নেজানে যে কণ্ডিচনাৰ ব্যৱহাৰ কৰোতে চুলিৰ গুৰিত নহয়, আগতহে ঘঁহিব লাগে । চুলিৰ আগত কণ্ডিচনাৰ ঘঁহিলে চুলি কোমল হয় । বিপৰীতে চুলিৰ গুৰিত ঘঁহিলে চুলিৰ গুৰিটো কোমল হৈ চুলি সৰিব পাৰে ।
# চেম্প্যু কৰাৰ পিছত কেতিয়াও তিতা চুলি আচুৰিব নেলাগে । এনে কৰিলে চুলিৰ গুৰিৰ ক্ষতি হয় ।
বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও বিশেষ সমস্যাৰ সৃষ্টি হ’লে চিকিৎসকৰ সহায় লোৱাতো বাঞ্চণীয় ।