Jaish Terrorist : জম্মু কাশ্মীৰৰ আৰক্ষীয়ে জেচিবিৰে ভাঙিলে পলুৱামাৰ উগ্ৰপন্থীৰ ঘৰ

WhatsApp Image 2022 12 10 at 20.26.43

Jaish Terrorist :

চৰকাৰী মাটি দখল কৰি ঘৰ তৈয়াৰী কৰা পুলৱামা আক্ৰমণৰ অন্যতম অভিযুক্ত জৈশ কমাণ্ডাৰ আশিক নিংৰুৰ ঘৰ বুলডোজাৰেৰে ভাঙিলে প্ৰশাসনে ।

জৈশ কমাণ্ডাৰে পুলৱামা জিলাৰ নিউ কলনীত এটা দুমহলীয়া ঘৰ নিৰ্মাণ কৰিছিল। শনিবাৰে সেই ঘৰ ভাঙিলে জিলা প্ৰশাসনে ।

জিলা প্ৰশাসনৰ এজন বিষয়াই পিটিআইক কয় যে আৰক্ষীৰ উপস্থিতিত নিংৰুৰ ঘৰ টো ভঙা হৈছে । ঘৰটো ভঙাৰ প্ৰস্তুতি চলাই থাকোতেই উগ্ৰপন্থী সংগঠনৰ ‘ দ্য ৰেজিছটেণ্ট ফ্ৰণ্ট’ (টিআৰএফ) ভাবুকি জাৰি কৰা আৰম্ভ কৰে ।

উগ্ৰপন্থী দলটোৱে ভাবুকি দিছিল যে ঘৰটো ভাঙি পেলোৱা হ’লে ইয়াৰ ফলাফল ভাল নহ’ব। অৱশ্যে, ভাবুকিলৈ মন নকৰি আৰক্ষী আৰু জিলা প্ৰশাসনে ঘৰটো ভাঙি পেলায়।

২০১৯ চনত চিআৰপিএফৰ কনভয়ৰ ওপৰত হোৱা পুলৱামা আক্ৰমণৰ এজন অভিযুক্ত হৈছে জেইএম কমাণ্ডাৰ। ঘটনাটোত ৪০ জন চিআৰপিএফ জোৱান নিহত হৈছিল।

চলিত বৰ্ষৰ এপ্ৰিল মাহত, কেন্দ্ৰই নিংৰোক ইউএপিএৰ অধীনত “মনোনীত” সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰে ।

গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, নিংৰু জম্মু-কাশ্মীৰত উগ্ৰপন্থী অনুপ্ৰৱেশ আৰু কেবাটাও আক্ৰমণত জড়িত আছিল।

এক বিবৃতিত মন্ত্ৰালয়ে কয় যে নিংৰুৱে কাশ্মীৰত উগ্ৰপন্থীৰ এটা ছিণ্ডিকেট চলাই আছে। কেৱল সেয়াই নহয়, জম্মু-কাশ্মীৰৰ যুৱসকলৰ মাজত উগ্ৰপন্থী কাৰ্যকলাপক উৎসাহিত আৰু প্ৰচাৰ কৰাৰ বাবেও জইছ-ই-মহম্মদৰ কমাণ্ডাৰে কাম কৰে।

Exit mobile version