wheat flour prices : দেশত এমাহত ঘেঁহু-দাইলৰ পাঁচ শতাংশ মূল্যবৃদ্ধি হ’ল

Wheat. 1651230959

wheat flour prices :

দেশবাসীৰ বাবে দিনটোৰ দুসাজ আহাৰ পুনৰ মহঙা হ’ল। বিগত এমাহত দেশৰ খুচুৰা বজাৰত ঘেঁহু আৰু দাইলৰ মূল্য ক্রমে পাঁচ শতাংশ আৰু চাৰি শতাংশ বৃদ্ধি পালে।

পামতেলৰ বাহিৰে আন সকলো খাদ্যতেলৰ মূল্যও বিগত এমাহত সামান্য বৃদ্ধি পালে।

কেন্দ্রীয় খাদ্য আৰু উপভোক্তা মন্ত্রী পীযূষ গোৱেলে সদনত এক লিখিত প্রশ্নৰ উত্তৰত কয় যে দেশত ঘেঁহু আৰু দাইলৰ দৰে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ বাহিৰে আন কোনো খাদ্যৰ মূল্য বিগত এমাহত অধিক বৃদ্ধি পোৱা নাই।

গোৱেলে দাখিল কৰা তথ্য অনুসৰি, যোৱা ছয় ডিচেম্বৰত ঘেঁহুৰ খুচুৰা মূল্য প্রতি কিলোগ্ৰামত ৩১.৯০ টকা আছিল ৷ এমাহ পূৰ্বে দেশৰ বজাৰত প্ৰতি কিলো ঘেঁহুৰ মূল্য আছিল ৩০.৫০ টকা।

বিগত এমাহত প্রতি কিলো আটাৰ মূল্য ৩৫.২০ টকাৰ পৰিৱৰ্তে ছয় শতাংশ মূল্যবৃদ্ধিৰে ৩৭.৪০ টকা হ’ল। বুটৰ দাইলৰ প্ৰতি কিলোত দুই শতাংশ মূল্যবৃদ্ধিৰে ১১২.৮০ টকা হ’ল।

Exit mobile version