Lip Cancer : ধূমপান নকৰিলেও ওঁঠ ক’লা হয় ? উঠৰ ক’লা দাগ কোনো মাৰণ ৰোগৰ উপসর্গ নহয়তো ?

11fc183a 1c33 49f5 9a97 87e6cdb0711d

Lip Cancer :

ছাল আৰু চুলিৰ যত্নৰ প্রতি কম-বেছি সকলোৱে যত্নশীল হ’লেও ওঁঠৰ প্রতি অৱহেলাৰ অন্ত নাই । সেয়ে ওঁঠৰ ৰং সলনি হোৱাত কোনেও গুৰুত্ব নিদিয়ে ।

কিন্তু জানেনে, ওঁঠৰ ৰং সলনি হোৱাত লুকাই থাকিব পাৰে বৃহৎ বিপদ ? অনেকৰ ধাৰণা, ওঁঠ ক’লা হোৱাৰ মূল কাৰণ হৈছে ধূমপান । নিক’টিন আৰু বেনজ’পাইৰিনে ছালৰ মেলানিন উৎপাদন বৃদ্ধি কৰি দিয়ে । ইয়াৰ ফলত ক’লো ওঁঠ ক’লা হয় ।

অধিকাংশ লোক এই সন্দৰ্ভত সতর্ক নহয় ! কিন্তু এয়াই কেৱল কাৰণ নহয়, ওঁঠত কর্কট ৰোগৰ আক্ৰমণ হ’লেও ৰং সলনি হ’ব পাৰে । ওঁঠৰ কৰ্কট ৰোগৰ বাবে মূলতঃ দায়ী সূর্যৰ অতিবেঙুণীয়া ৰশ্মিৰ বিকিৰণ ।

যিসকলে দিনৰ অধিকাংশ সময় ৰ’দত কটায়, তেওঁলোকৰ ওঁঠৰ কৰ্কট ৰোগৰ শংকা বৃদ্ধি পায় । তদুপৰি, ধঁপাত আৰু মদৰ আসক্তি থাকিলেও ওঁঠৰ কৰ্কট ৰোগৰ শংকা বাঢ়ে । হিউমেন পেপিলোমা ভাইৰাছৰ আক্রমণত এই ৰোগ হ’ব পাৰে ।

কোন কোন লক্ষণ দেখিলেই সতর্ক হ’ব ?

১) ওঁঠত ফোঁহা, ক্ষত, পানীজোলা বন্ধা আৰু ফোলি উঠি, ৰঙা দাগ যদি দীর্ঘ দিনলৈ নকমে ।

২) ওঁঠত ৰঙা, বগা দাগ বা প্রলেপ ।

৩) ওঁঠত ৰক্তপাত বা বিষ ।

৪) ওঁঠ ফোলি যোৱা ।

উল্লেখ্য যে, এইবোৰ উপসর্গ ওঁঠৰ কৰ্কট ৰোগৰ উপসর্গ নহ’ব‌ও পাৰে । নির্ভুল আৰু সঠিক ৰোগ নির্ণয়ৰ বাবে এই উপসর্গ দেখিলে চিকিৎসকৰ পৰামর্শ লোৱা প্ৰয়োজন ।

কোনবোৰ ৰোগৰ প্রভাৱত ওঁঠৰ ৰং সলনি হ’ব পাৰে ?

১) এডিছনছ ডিজিজ : এই ৰোগত আক্রান্ত হ’লে ওঁঠৰ হাইপাৰ পিগমেন্টেছন বা অতিৰঞ্জন ঘটিব পাৰে । এই ৰোগত শৰীৰৰ এড্ৰিনেল গ্রন্থিৰ পৰা কর্টিছোল আ এলডোষ্টেৰন নামক দুটা হৰম’নৰ ক্ষৰণ কমি যায় । এই হৰম’নবোৰৰ ভাৰসাম্য নষ্ট হ’লে শৰীৰৰ বিভিন্ন অংশ ক’লা হৈ যাব পাৰে । ইয়াৰ প্রভাৱ পৰিব পাৰে ওঁঠটো ।

২) ছায়ান’ছিছ : ওঁঠৰ ৰং গাঢ় হোৱাৰ লগতে যদি নীলা হৈ যায়, তেন্তে সেয়া ছায়ান’ছিছ নামক ৰোগৰ লক্ষণো হ’ব পাৰে । ওঁঠ নীলা হৈ যোৱাৰ লগতে যদি শ্বাসকষ্টও হয়, তেন্তে দ্রুত চিকিৎসকৰ পৰামর্শ ল’ব লাগিব । তেজত অক্সিজেনথ পৰিমাণ কমি গ’লে এনে ধৰণৰ সমস্যা দেখা দিয়ে ।

তদুপৰি শৰীৰত হৰম’নৰ তাৰতম্য হ’লে, ভিটামিন বি-১২ৰ নাটনি হ’লে, শৰীৰত আয়ৰন জমা হোৱা আৰম্ভ কৰিলে বা নির্দিষ্ট কিছু ঔষধৰ প্রভাৱত ওঁঠৰ ৰং ক’লা হ’ব পাৰে ।

Exit mobile version