Afghanistan – Pakistan Border : আগানিস্তান – পাকিস্তান সিমান্তত গুলীবর্ষণ ,নিহত ছয়,আহত ১৭

1670821162 afhan pakistan

Afghanistan – Pakistan Border :

আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমান্তত গুলীবর্ষণ। ছয়জন পাকিস্তানী নাগৰিকৰ মৃত্যু হৈছে। তথ্য অনুসৰি ১৭ জন লোক গুৰুতৰভাৱে আহত হৈছে।

আক্ৰমণটো দেওবাৰে বেলুচিস্তানৰ চমন জিলাত সংঘটিত হৈছে । পাকিস্তান সেনাৰ মিডিয়া শাখাই দাবী কৰিছে যে আক্ৰমণটোত আফগান বাহিনীয়ে কামান আৰু মৰ্টাৰকে ধৰি গধুৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিছিল। পাকিস্তানেও প্ৰতিৰক্ষাত ওলোটাই আক্ৰমণ কৰে ।

ঘটনাটোত ছয়জন পাকিস্তানী নাগৰিক নিহত হোৱাৰ লগতে ১৭ জন লোক গুৰুতৰভাৱে আহত হৈছে । তেওঁলোকক লগে লগে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । এতিয়ালৈকে আফগানিস্তানৰ পৰা কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

পাকিস্তান চৰকাৰে আফগান কৰ্তৃপক্ষক ঘটনাটোৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছে। পাকিস্তান চৰকাৰে ও আফগানিস্তানক কঠোৰ ব্যৱস্থা ল’বলৈ কৈছে যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহয়। আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Exit mobile version