Avtar : The Way of Water : ‘অৱতাৰ দ্য ৱে অৱ ৱাটাৰ’ ৰ প্ৰথম দিনৰ প্ৰদৰ্শনীৰ ৰ্আঢ়ৈ লাখ টিকট বুক

download 1 7

Avtar : The Way of Water :

অহা ১৬ ডিচেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰিব জেমছ কেমৰুন নিদেৰ্শিত বহুচৰ্চিত ছবি ‘অৱতাৰ দ্য ৱে অৱ ৱাটাৰ’-এ। হলিউডৰ এইখন ছবিৰ প্ৰতি ভাৰতীয় দর্শকে বিশেষ আগ্রহ প্রদর্শন কৰিছে।

প্রকাশিত বাতৰি অনুসৰি, ‘অৱতাৰ দ্য ৱে অৱ ৱাটাৰ’ৰ প্ৰথমদিনাৰ প্ৰদৰ্শনী উপভোগ কৰিবলৈ ইতিমধ্যে প্ৰায় আঢ়ৈ লাখ লোকে অগ্রিম টিকট ক্রয় কৰিলে।

দেওবাৰৰ দুপৰীয়ালৈকে ভাৰতত আঢ়ৈ লাখৰো অধিক লোকে কেমেৰুন নিৰ্দেশিত ছবিখনৰ প্ৰথমদিনাৰ দৰ্শনীৰ টিকট অনলাইনযোগে বুক কৰে।

ছবিখনৰ হিন্দী সংস্কৰণৰ প্ৰায় এক কোটি টকা টিকট ইতিমধ্যে ক্ৰয় কৰিলে দর্শকে। উল্লেখ্য যে ১৩ বছৰ পূৰ্বে মুক্তি লাভ কৰা ‘অৱতাৰ’ ছবিখনৰ ছিকুৱেল হৈছে ‘অৱতাৰ দ্য ৱে অৱ ৱাটাৰ’।

Exit mobile version