Kashmiri Kehwah Tea : কাশ্মীৰত শিকাৰাত বহি সোৱাদ ল’ব পাৰিব ১৬ প্ৰকাৰৰ কাৱাহ চাহ,

আমন্ত্রণ জনাইছে ‘কাৱাহ মেনে’

WhatsApp Image 2022 12 12 at 19.58.21

Kashmiri Kehwah Tea :

শীতকালৰ আৰম্ভণিতেই কাশ্মীৰৰ পর্যটকৰ সংখ্যা বৃদ্ধি লক্ষ্যণীয় । ভূস্বর্গৰ ঠাণ্ডাত ডাল হ্ৰদত শিকাৰা যাত্ৰাৰ লগতে অতিথিসকলক আপ্যায়নৰ বিশেষ ব্যৱস্থা কৰে স্থানীয় শিকাৰাচালক মুস্তাক হুছেইন আখুনে ।

অৱশ্যে তেওঁ স্থানীয় লোকসকলৰ মাজত ‘কাৱাহ মেন’ নামেই পৰিচিত । কাশ্মীৰি কাৱাহ চাহৰ গুণাগুণ সম্পর্কে অনেকেই অৱগত । অৱশ্যে কাশ্মীৰত এই চাহ খোৱাৰ আমেজেই সুকীয়া ।

শৰীৰত প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ এই বিশেষ চাহৰ ভূমিকা যথেষ্ট গুৰুত্বপূর্ণ । ছালৰ স্বাস্থ্য, হার্ট, হজমৰ সমস্যা — সকলো সুস্থ ৰখাৰ ক্ষমতা আছে এই চাহৰ ।

তদুপৰি, এন্টি-অক্সিডেন্টেৰে ভৰপুৰ কাৱাহে শৰীৰক ডিটক্সিফাই কৰাত সহায় কৰে । মুস্তাকে কয়, “মোৰ ধাৰণা, অনেকে শুকান ফল বা গোলাপ ফুলৰ পাহি নিদিয়াকৈয়ে সেই চাহ কাৱাহ বুলি বিক্ৰী কৰিব বিচাৰে ।

কিন্তু এই দুই উপাদান অবিহনে কাশ্মীৰৰ কাৱাহ চাহ প্ৰস্তুত কৰিব নোৱাৰি । এই বিশেষ চাহ আমাৰ উপত্যকাৰ ভালপোৱা আৰু আতিথ্যৰ প্রতীক ।”

ডিচেম্বৰ-জানুৱাৰীৰ শীততো পুৱাই শোৱাৰ পৰা উঠিবলৈ কষ্ট নহয় মুস্তাকৰ । বিগত ন বছৰ ধৰি ডাল হ্ৰদত থকা স্থানীয় শাক-পাচলি বিক্রেতাৰ পৰা আৰম্ভ কৰি পর্যটক সকলকো এই চাহ দিয়ে তেওঁ ।

মুস্তাকে জনায়, চাহত কাঠবাদাম, আখ্ৰোট, কাজুবাদাম, খেজুৰ, গোলাপ ফুলৰ পাহি, মৌ, জাফৰান, সৰু ইলাচী, দালচিনি, আদাৰ দৰে উপাদান দি প্ৰস্তুত কৰা হয় কাশ্মীৰি কাৱাহ ।

মুস্তাকে কয়, “কাশ্মীৰ ভ্ৰমণ কৰিবলৈ অহা পর্যটকসকলে যেতিয়া মোৰ শিকাৰাত উঠে ডাল হ্ৰদত যাত্ৰা কৰে, তেতিয়া ম‌ই তেওঁলোকক এই চাহ পৰিবেশন কৰো ।” মুস্তাকৰ শিকাৰাত উঠি একাপ কাৱাহ খাবলৈ ব্যয় কৰিব লাগিব মাত্র ৫০ টকা ।

২০১৪ৰ পৰা এই বিশেষ চাহত নিজৰ দক্ষতাৰ ছাপ পেলাইছে মুস্তাকে । বর্তমান তেওঁৰ তাত প্রায় ১৬ প্ৰকাৰৰ কাশ্মীৰি কাৱাহ চাহ পোৱা যায় । ইয়াৰ উপৰি তেওঁৰ শিকাৰাত উঠিলে পর্যটকসকলে ক্ৰয় কৰিব পাৰিব সেই ঠাইৰ বিখ্যাত সকলো সুগন্ধি মছলা ।

Exit mobile version