Bike Theft:মহানগৰীত বাইকচোৰৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান

বীৰুবাৰীৰ পৰা বাইক সহ আটক গভাইত চোৰ

WhatsApp Image 2022 12 13 at 16.17.21 1

Bike Theft:

দীৰ্ঘদিনৰ পৰা মহানগৰীত বাইক চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰি অহা গভাইত চোৰক এটাক গড়চুক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে সঘনে মটৰ চাইকেল চুৰি হোৱাৰ অভিযোগ পাই থকাৰ বাবে শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে বাইক চোৰৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷

এই অভিযানৰ মাজতে গড়চুক আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বীৰুবাৰীৰ পৰা কেইবাখনো চুৰি বাইক সহ গ্ৰেপ্তাৰ কৰে এটা গভাইত চোৰক ৷ চোৰটোৰ নাম নয়ন ডেকা৷ ঘৰ বাক্সাত ৷

ইতিমধ্যে ধৃত চোৰটোৰ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version