Guwahti Railway Police:তালাচীৰ নামত ৰে’ল যাত্ৰীৰ পৰা ধন লুট জি আৰ পি জোৱানৰ

জোৱানজনৰ হাজো বাসগৃহৰ পৰা উদ্ধাৰ ২.৫০ লাখ টকা

WhatsApp Image 2022 12 13 at 18.47.59 1

Guwahti Railway Police:

দিন ডকাইতৰ ৰূপত অৱতীৰ্ণ হ’ল আৰক্ষী৷ তালাচীৰ নামত যাত্ৰীৰ পৰা লুট কৰিলে দুই লক্ষাধিকৰ অধিক ধন ৷

এই ঘটনা সংঘটিত হয় গুৱাহাটী ৰে’ল ষ্টেচনত ৷ হাৰিয়ানাৰ এজন ৰে’ল যাত্ৰীক তালাচী চলোৱাৰ নামত আবুল হুছেইন নামত জি আৰ পি জোৱানজনে লুট কৰে ২.৫০ লাখ টকা ৷

পিছত যাত্ৰীজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জি আৰ পি জোৱান আবুল হুছেইনৰ হাজোস্থিত বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে লুট কৰা ধনখিনি ৷

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে জি আৰ পি জোৱানজনক ৷

Exit mobile version