Pakistan : জন্মসূত্ৰে পাকিস্তানী, ভাৰতক ভাল পাই নিজৰ দেশ এৰা আঠজন বিশেষ ব্যক্তিৰ বিষয়ে জানো আহক –

1200x 1

Pakistan :

শক, হুন, পাঠান, মোগল, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে ভাৰতত ভৰি দিয়াৰ পিছত পুনৰ আৰু নিজ দেশলৈ ঘূৰি নেযায় । ভাৰতবৰ্ষৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই হয়তো নিজৰ দেশৰ প্ৰতি মোহভংগ হয় বহু লোকৰ ।

সেইকাৰণেই পাকিস্তানৰ পৰা অহা বহু সংখ্যক শিল্পী ও ব্যক্তিত্বৰ নিৰ্ভৰযোগ্য আশ্ৰয়স্থল হয় ভাৰত । ভাৰতৰ সংবিধানে কৈছে ভাৰতবৰ্ষ হৈছে না-না জাতি-উপজাতি, বিভিন্ন ধৰ্মালম্বী লোকৰ অনন্য এক আশ্ৰয়স্থল ।

ইয়াত কোনো জাতি-ভেদৰ ভেদাভেদ নাই । ই এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।

বহু শিল্পী তথা বিশেষ ব্যক্তি ভাৰতক ভাল পাই কাৰণেই পুনৰ নিজ দেশলৈ ঘূৰি নগ’ল । সেইসকল বিশেষ ব্যক্তি হৈছে –

১/ ইউচুফ খান : এই নামৰ সৈতে ভাৰতবাসীৰ সিমান পৰিচয় নাই । এইজন হৈছে বলীউডৰ প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ । বলীউডৰ ট্ৰেজেদি কিং দিলীপ কুমাৰে বহু বছৰ পূৰ্বেই ভাৰতৰ মুম্বাইত আহি চিনেমা কেৰিয়াৰ আৰম্ভ কৰাৰ লগতে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰি ভাৰতবৰ্ষকেই নিজৰ দেশ হিচাপে আকোৱালি লৈছিল ।

৫০ দশকত পাকিস্তানৰ পেছোৱাৰত জন্ম গ্ৰহণ কৰিছিল এইজন বিশিষ্ট অভিনেতাই । নিজৰ অভিয়ন প্ৰতিভাৰে দেশবাসীৰ আপোন হৈ পৰা দিলীপ কুমাৰে পিছত আৰু পেছোৱাৰলৈ উভতি যোৱা নাছিল । জীৱনৰ অন্তিম দিনলৈকে এইজন অভিনেতাই মুম্বাইতে থাকি গৈছিল ।

২/ আদনান স্বামী : বলীউডৰ জনপ্ৰিয় সংগীতশিল্পী আদনান স্বামী সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈকে ভাৰতৰ মুম্বাইলৈ আহিছিল । শেষত ভাৰতৰ বাসিন্দা হৈ পৰা আদনানে পিছত আৰু পাকিস্তানলৈ ঘূৰি যোৱা নাছিল । ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰা আদনানে নিজৰ সংগীত সাধনা ইয়াতেই চলাই আছে ।

৩/ এল কে আদৱানি : বিজেপিৰ এই বৰ্ষীয়ান ৰাজনীতিবিদজনে ভাৰতীয় জনতা পাৰ্টীৰ ভেঁটি স্থাপন কৰিছিল । তেওঁৰ জন্ম হৈছিল পাকিস্তানৰ কৰাচীত । দেশবিভাজনৰ পিছৰ পৰাই আদৱানীৰ পৰিয়াল ভাৰতত বসতি স্থাপন কৰি আহিছে ।

৪/ ওস্তাদ বড়ে গোলাম আলী খান : ভাৰতৰ শিল্পী সমাজত ওস্তাদ বড়ে গোলাম আলীৰ খানৰ অনন্য এক স্থান আছে । এই শিল্পীজনো পাকিস্তানৰ কাচুৰাত জন্ম গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত ভাৰততে স্থায়ীভাৱে থাকিবলৈ লয় ।

৫/ বেগম বুধ : ১৯৪০-৫০ চনৰ এই অভিনেত্ৰীগৰাকী বলীউডৰ এখন চিনাকি মুখ আছিল । সেইসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত থকা অভিনেত্ৰীগৰাকী পাকিস্তানৰ ঝিলামৰ বাসিন্দা আছিল যদিও নিজৰ অভিনয় গুণৰ বাবেই মুম্বাইতে নিগাজিকৈ থাকি যায় ।

৬/ মনমোহন সিং : বহুতেই হয়তো নেজানে যে , ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙো পাকিস্তানত জন্মগ্ৰহণ কৰিছিল । পিছত ভাৰতৰ ৰাজনৈকিক ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰি প্ৰধান মন্ত্ৰীৰ পদত অধিস্থিত হৈছিল ।

৭/ চাহিৰ লুধিয়ানবি : ভাৰতৰ এই জনপ্ৰিয় গীতিকাৰ তথা কবি চাহিৰ লুধিয়ানবিও পাকিস্তানত জন্মগ্ৰহণ কৰিছিল । তেওঁৰ প্ৰকৃত নাম আছিল আব্দুল হাই চাহিৰ । জনা গৈছিল যে , তেওঁ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে এটা লিখনী লিখিছিল । ফলত পাকিস্তান চৰকাৰে তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল । যিটো কাৰণে ১৯৪৯ চনত তেওঁ দিল্লীলৈ গুচি আহিবলৈ বাধ্য হৈছিল আৰু পৰৱৰ্তী সময়ত মুম্বাইতে স্থায়ীভাৱে থাকিবলৈ লয় ।

৮/ যোগেন্দ্ৰনাথ মণ্ডল : যোগেন্দ্ৰনাথ মণ্ডল পাকিস্তানৰ শ্ৰম তথা আইন মন্ত্ৰী আছিল । তেওঁ তপশিলি জাতিৰ নেতা তথা মুছলিম লীগৰ লগত জড়িত আছিল । পৰৱৰ্তী সময়ত পাকিস্তানত হিন্দু লোকৰ ওপৰত কৰা বেয়া ব্যৱহাৰ দেখি তেওঁ ভাৰতলৈ গুচি আহিছিল ।

Exit mobile version