Tinsukia :তিনিচুকীয়াত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

WhatsApp Image 2022 12 13 at 19.15.52 1

Tinsukia :

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ধুবুৰীৰ পৰা শদিয়ালৈ বুলি আৰম্ভ কৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ তিনিচুকীয়াত সম্পূৰ্ণ কৰিছে ৪৩ টা দিন।

এই যাত্ৰা উপলক্ষে আজি তিনিচুকীয়াৰ দহোতীয়াচুক ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে কংগ্ৰেছৰ বিশাল জনসভা। জনসভাৰ পাছতেই তিনিচুকীয়াৰ দহোতীয়াচুকৰ পৰা তিনিচুকীয়া শিৱধামলৈ বিশাল ভাৰত জোড়ো যাত্ৰা অনুষ্ঠিত কৰে।

উক্ত ভাৰত জোড়ো পদযাত্ৰাত কংগ্ৰেছৰ ৰাজ্যিক মুখ্য সমন্বয়ক ৰমেন বৰঠাকুৰ, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ,মীৰা বৰঠাকুৰ,অপূৰ্ব ভট্টাচাৰ্য প্ৰমুখ্যে কৰি কংগ্ৰেছৰ দলৰ প্ৰাক্তন বিধায়ক-নেতাৰ লগতে সহস্ৰাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই শেহতীয়াকৈ ৰাজনৈতিক বিতৰ্কৰ সন্দৰ্ভত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদিন আজমলে মহিলাৰ শালীনতা ভংগ কৰাৰ প্ৰতিযোগিতাত নামি পৰা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে ।

Exit mobile version