Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Advantage Assam : চাৰি বছৰত অসমত মাত্ৰ ১৫০ কোটি টকাৰহে বৈদেশিক বিনিয়োগ

publisher by publisher
December 14, 2022
in News, Assam
Reading Time: 2 mins read
0
Advantage Assam : চাৰি বছৰত অসমত মাত্ৰ ১৫০ কোটি টকাৰহে বৈদেশিক বিনিয়োগ
2
SHARES
16
VIEWS
ShareShareShareShare

Advantage Assam :

‘এডভান্টেজ আছাম’ পাতিও সুবিধা ল’ব নোৱাৰিলে অসমে। ২০১৮ত গুৱাহাটীত অনুষ্ঠিত হোৱা গ্ল’বেল ইনভেষ্টৰ ছামিটৰ পাছত অসমলৈ ব্যাপক হাৰত বৈদেশিক বিনিয়োগৰ আগমন ঘটিব বুলি চৰকাৰীভাৱে জয়ঢোল বজোৱা হৈছিল যদিও বাস্তৱ ক্ষেত্ৰত অসাৰ প্ৰতিপন্ন হ’ল ৰাজ্য চৰকাৰৰ এই বৃহৎ কাৰ্যসূচী।

ADVERTISEMENT

যি সময়ত মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত অভিলেখ সংখ্যক ৩.৫১ লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ আগমন ঘটিল, সেই সময়ত অসমত বিগত চাৰিটা বছৰত ইয়াৰ পৰিমাণ মাথোঁ ১৫০ কোটি টকাহে।

RelatedPosts

Advantage Assam 2.0:চাৰে আঠ হেজাৰটকীয়া প্রতিসাঁজ খাদ্যৰে অতিথি আপ্যায়ন

Advantage Assam In kamrup Metro:কামৰূপ মহানগৰ জিলাত  ৭৬ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

 Advantage Assam In Chirang:এডভান্টেজ আছাম, চিৰাঙতো ৯ বিনিয়োগকাৰীৰে চুক্তি স্বাক্ষৰ জিলা আয়ুক্তৰ

এক কথাত দেশৰ আগশাৰীৰ ৰাজ্যকেইখনৰ ভিতৰত বিনিয়োগৰ দিশেৰে সবাতোকৈ নিম্নতম স্থানত থকা ৰাজ্যখনেই হ’ল অসম। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা ২০১৯ৰ অক্টোবৰৰ পৰা ২০২২ৰ ছেপ্টেম্বৰলৈকে দেশৰ বিভিন্ন ৰাজ্যলৈ আগমন ঘটা বৈদেশিক বিনিয়োগৰ পৰিমাণৰ তালিকাত অসমৰ চূড়ান্ত লজ্জাজনক স্থিতিয়ে স্পষ্টভাৱে বিফল বুলি প্রতিপন্ন কৰিছে কোটি কোটি টকা ব্যয়ৰে অসম চৰকাৰে অনুষ্ঠিত কৰা বিনিয়োগ সন্মিলন ‘এডভান্টেজ আছাম’।

লক্ষ্যণীয় যে ২০১৭ৰ পৰা দিছপুৰ উদং কৰি মন্ত্ৰী-আমোলা-বিষয়াৰ একো একোটা বৃহৎ দলে ৰাজকোষৰ পুঁজিৰে বিশ্বৰ ভিন্ন প্ৰান্তত অসমলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল।

টৰ’ণ্টো, ছানফ্রান্সিস্কো, নিউয়র্ক, টকিঅ’, ছিউল, ছিংগাপুৰৰ দৰে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ আগশাৰীৰ মহানগৰসমূহত অসম চৰকাৰে অসমলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল।

ৰাজ্যখনৰ উদ্যোগ খণ্ডক প্রতিষ্ঠিত কৰাৰ লগতে দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ স’তে অসমেও ফেৰ মাৰিব পৰাকৈ উদ্যোগ ক্ষেত্ৰত চহকী ৰাজ্যৰূপে প্রতিষ্ঠিত কৰিবলৈ বিভিন্ন বিদেশ ৰাষ্ট্ৰৰ এই বৃহৎ মহানগৰসমূহলৈ ঢাপলি মেলিছিল মন্ত্ৰী-আমোলা-বিষয়াৰ একো একোটা বৃহৎ দল।

২০১৭ৰ পহিলা ডিচেম্বৰত ছিংগাপুৰত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সাতজনীয়া আমোলাৰ দল এটা গৈ ৰোড শ্ব’ অনুষ্ঠিত কৰি ঘোষণা কৰিছিল যে ছিংগাপুৰৰ পৰাও অসমত বিনিয়োগৰ বাবে বহু উদ্যোগীয়ে আগ্রহ প্ৰকাশ কৰিছে।

পিছে দিন যোৱাৰ লগে লগে ৰাজকোষৰ পুঁজি খৰচ কৰি বহিঃৰাষ্ট্ৰত তথাকথিত ৰোড শ্ব’ৰ নামত যে মন্ত্ৰী-আমোলাৰ দলে প্ৰকৃততে বিলাস ভ্রমণহে কৰিব গৈছিল সেই কথা স্পষ্ট কৰি তুলিছে বৈদেশিক বিনিয়োগৰ অতি লজ্জাজনক হাৰে।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ যোৱা ছেপ্টেম্বৰ পৰ্যন্ত দেশৰ বিভিন্ন ৰাজ্যত মুঠ বৈদেশিক বিনিয়োগৰ পৰিমাণ প্রকাশ কৰা তালিকাখনে উন্মোচিত কৰিছে বিদেশ ৰাষ্ট্ৰৰ বাবে অসমৰ ভূখণ্ড এতিয়াও নিৰাপদ বিনিয়োগস্থলী নহয় বুলি গণ্য কৰা দিশটো।

২০১৯ৰ অক্টোবৰৰ পৰা যোৱা ছেপ্টেম্বৰলৈকে দেশত মুঠতে ১২,৬১,৪৭১ কোটি টকা বৈদেশিক বিনিয়োগ কৰা হৈছে।ইয়াৰে ভিতৰত সৰ্বাধিক ৩,৫১,৩৩০ কোটি টকা বিনিয়োগ হৈছে মহাৰাষ্ট্ৰত।

দ্বিতীয় স্থানত আছে কর্ণাটক। ৰাজ্যখনত ২,৯৩,১০৬ কোটি টকা বিনিয়োগৰ বিপৰীতে তৃতীয় স্থানত থকা গুজৰাটত বিনিয়োগ গৈছে ২,২৮,৮৩২ কোটি টকাৰ বৈদেশিক পুঁজি।

বৈদেশিক বিনিয়োগৰ দিশেৰে শীৰ্ষত থকা আন ৰাজ্যসমূহ হ’ল ক্ৰমে দিল্লী, তামিলনাডু, হাৰিয়ানা, তেলেংগানা, ঝাৰখণ্ড, ৰাজস্থান, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, কেৰালা, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্রদেশ, হিমাচল প্রদেশ, বিহাৰ আদি।

উল্লেখ্য যে বৈদেশিক বিনিয়োগৰ হাৰেৰে দেশৰ কেউখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২৪ নম্বৰত। সামান্য পৰিমাণৰ বৈদেশিক বিনিয়োগ লাভ কৰা অৰুণাচল, চত্তিছগড়, মেঘালয়, জম্মু আৰু কাশ্মীৰ, ত্ৰিপুৰা, নগালেণ্ড আদি ৰাজ্যৰ স’তেহে স্থান পাইছে অসমে।

দেশৰ আগশাৰীৰ ৰাজ্যকেইখনত লাখ কোটি টকাৰ হিচাপত বিনিয়োগৰ বিপৰীতে অসমত মাথোঁ ড্ৰেশ কোটি টকাহে বৈদেশিক বিনিয়োগ হোৱাৰ তথ্যই উন্মোচিত কৰিছে উদ্যোগ ক্ষেত্ৰত অসমৰ শোচনীয় স্থিতি।

উল্লেখ্য যে অসম চৰকাৰে ‘এডভান্টেজ আছাম’, ‘গ্ল’বেল ইনভেষ্টৰ্ছ ছামিট ২০১৮’ অনুষ্ঠিত কৰি অসমত জাহাজ বন্দৰ, লজিষ্টিক পার্ক, নদী পৰিবহণ, পর্যটন ক্ষেত্রকে ধৰি মুঠতে ২৯৭টা ক্ষেত্ৰত অসমত বিনিয়োগৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি দেশে-বিদেশে প্ৰচাৰ চলাইছিল।

পিছে বিগত চাৰিটা বছৰত অসমে চলোৱা ক্ষেত্ৰসমূহৰ অন্যতম পর্যটন ক্ষেত্ৰত অসমত বিদেশী বিনিয়োগৰ হাৰ শূন্য হোৱাৰ বিপৰীতে দেশত আন কে’বাখনো ৰাজ্যত হোটেল আৰু পৰ্যটন ক্ষেত্রই বিদেশী বিনিয়োগ লাভ কৰিলে অভিলেখসংখ্যক ১,০১,৬৮৩ কোটি টকা। ইফালে, অসমে আশা কৰি থকা জাহাজ বন্দৰৰ ক্ষেত্ৰখনত দেশৰ আন ৰাজ্যই সহজে লাভ কৰিলে ৬,৭৩০ কোটি টকাৰ বৈদেশিক বিনিয়োগ।

ৰোড শ্ব’ পতা ছখনকৈ ৰাষ্ট্ৰ-মহানগৰৰ পৰাও লাভ নকৰিলে এপইচাৰো বিনিয়োগ

২০১৮ৰ তিনি, চাৰি ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত ‘এডভান্টেজ আছাম’ উপলক্ষে অসম চৰকাৰৰ ফালৰ পৰা বিদেশৰ যিসমূহ ৰাষ্ট্ৰত ৰোড শ্ব’ পাতি ৰাজকোষৰ পুঁজিৰ শৰাধ পতা হৈছিল, সেই ৰাষ্ট্ৰসমূহে ভাৰতত বিভিন্ন ক্ষেত্ৰত বৃহৎ অংকৰ ধন বিনিয়োগ কৰিলে যদিও অসমে পিছে আকৰ্ষিত কৰিব নোৱাৰিলে এজনো বিদেশী বিনিয়োগকাৰীক।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী-আমোলা-বিষয়াই দলেবলে গৈ অসমত বিনিয়োগ কৰিব লাগে বুলি ট’ণ্টোত ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল।
অসম চৰকাৰে ৰোড শ্ব’ পতা টৰ’ণ্টোকে ধৰি কানাডাৰ পৰা ভাৰতত সৰ্বমুঠ ২১,০১০.২৬ কোটি টকা বৈদেশিক বিনিয়োগ কৰা হয় যদিও অসমে পিছে লাভ নকৰিলে এপইচাৰো বিদেশী বিনিয়োগ।

একেদৰে মার্কিন যুক্তৰাষ্ট্ৰৰ ছান ফ্রান্সিস্কোত বৃহৎ অংকৰ ধন ব্যয় কৰি ৰোড শ্ব’ পতা হ’ল যদিও আমেৰিকাৰ পৰা কোনো সংস্থাই অসমত বিনিয়োগ নকৰিলে।

অৱশ্যে অসমে আমেৰিকাৰ বিনিয়োগকাৰীক আকৰ্ষণ কৰিব নোৱাৰিলেও দেশৰ আন কে’বাখনো ৰাজ্যত পিছে বিগত সময়ত আমেৰিকাৰ পৰা বিনিয়োগ হ’ল অভিলেখসংখ্যক ৩,৭৭,৫৬৮ কোটি টকাৰ বৈদেশিক ধন।

আকৌ ছিংগাপুৰে বিগত সময়ত ভাৰতত দ্বিতীয় সর্বাধিক পৰিমাণৰ ধন বিনিয়োগ কৰে যদিও অসমৰ মন্ত্ৰী-আমোলাৰ দলে ছিংগাপুৰৰ পঞ্চ তাৰকাযুক্ত হোটেলত বাহৰ পাতিও ছিংগাপুৰৰ ব্যৱসায়ীক অসমলৈ আকৰ্ষণ কৰিব নোৱাৰিলে।

অথচ বিগত সময়ত ছিংগাপুৰৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত বিনিয়োগ হৈছে ৯,৩৫,৩৫৬ কোটি টকা। বৈদেশিক বিনিয়োগৰ আশাৰে ৰাজকোষৰ ধন ভাঙি সুদূৰ দক্ষিণ কোৰিয়াৰ ছিউলত বাহৰ পাতিছিল অসমৰ আমোলা-বিষয়াৰ আন এটা বৃহৎ দলে।

দক্ষিণ কোৰিয়াত ৰোড শ্ব’ পাতিলে নিশ্চিতভাৱে অসমে বৃহৎ অংকৰ বৈদেশিক বিনিয়োগ লাভ কৰিব বুলি সেই সময়ত ৰাজ্য চৰকাৰে ব্যাপক প্ৰচাৰ চলাই আশাৰ সঞ্চাৰ ঘটাইছিল যদিও দক্ষিণ কোৰিয়াৰ কোনো এজন বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ আবেদনৰ প্ৰতি সঁহাৰি নজনালে।

বিগত বছৰকেইটাত দক্ষিণ কোৰিয়াৰ পৰা ভাৰতত সৰ্বমুঠ ৩৪,৩১২.৯৬ কোটি টকা বিনিয়োগ কৰা হৈছে যদিও অসম চৰকাৰৰ আবেদনেও দক্ষিণ কোৰিয়াৰ ব্যৱসায়িক আকৰ্ষিত কৰিব নোৱাৰিলে। পৰিণতিত উদ্যোগ আৰু বাণিজ্য খণ্ডত দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ স’তে মুঠেও ফেৰ মাৰিব পৰা নাই অসমে।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা চলিত ২০২২-২৩ বিত্তীয় বৰ্ষলৈ দেশৰ মুঠতে ১০ খন ৰাজ্যই সৰ্বাধিক পৰিমাণৰ বৈদেশিক বিনিয়োগ লাভ কৰিছে।

এই ৰাজ্যকেইখন হ’ল ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, দিল্লী, তামিলনাড়ু, হাৰিয়ানা,তেলেংগানা, ঝাৰখণ্ড, ৰাজস্থান আৰু পশ্চিমবংগ।

চুবুৰীয়া পশ্চিমবংগই বিগত দুটা বছৰত লাভ কৰিছে ৮,২৬২ কোটি টকাৰ বৈদেশিক বিনিয়োগ। আকৌ মহাৰাষ্ট্ৰই এই দুটা বছৰতে লাভ কৰা বৈদেশিক বিনিয়োগৰ পৰিমাণ হ’ল ৩,৫১,৩৩১ কোটি টকাৰ বৈদেশিক বিনিয়োগ।

দুর্ভাগ্যজনকভাৱে ‘এ’ ফৰ আছাম’তথা দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰোৱা হ’ব বুলি বিগত সময়ছোৱাত শাসক দলে কৰা বাৰম্বাৰ সদম্ভ ঘোষণা যে প্ৰকৃততে অন্তঃসাৰশূন্য সেই কথা স্পষ্ট কৰি তুলিছে উদ্যোগ আৰু বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ দুখজনক হাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Advantage Assam
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d