AIUDF : সাম্প্ৰদায়িক মন্তব্য দিয়া এ আই ই ডি এফৰ সভাপতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত ন্যায়লয়ৰ দ্বাৰস্থ্য হ’ল অসম জাতীয় পৰিষদ

images 1 9

AIUDF :

চূড়ান্ত অৰুচিশীল, সাম্প্ৰদায়িক মন্তব্য কৰা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰজু কৰি আইনী প্ৰক্ৰিয়া চলাবলৈ আৰক্ষীক নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৷

আজি বিশেষ ন্যায়িক দণ্ডাধীশ প্ৰাণজিত হাজৰিকাৰ আদালতে অসম জাতীয় পৰিষদৰ এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি আজমলৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটীৰ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক উক্ত নিৰ্দেশনা প্ৰদান কৰে ৷

অসম জাতীয় পৰিষদৰ হৈ আদালতৰ দ্বাৰস্থ হৈছিল দলৰ উপসভাপতি দুলু আহমেদ ৷

উল্লেখযোগ্য যে সাংসদ আজমলে যোৱা দুই ডিচেম্বৰৰ দিনা কৰিমগঞ্জত চূড়ান্ত সাম্প্ৰদায়িক তথা ধৰ্মীয় বিবাদ সৃষ্টিকাৰী বক্তব্য প্ৰদান কৰি দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল ৷

ৰাজ্যৰ ভিতৰত তথা বাহিৰত উক্ত বক্তব্যৰ বাবে নিন্দাৰ সন্মুখীন হৈছিল আজমল ৷ অসম জাতীয় পৰিষদে আজমলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন থানাত মুঠ ১৪খন এজাহাৰ দাখিল কৰিছিল ৷

অন্যান্য দল-সংগঠনেও আজমলৰ গ্ৰেপ্তাৰৰ দাবী তুলিছিল ৷ কিন্তু অসম আৰক্ষীয়ে আজমলৰ বিৰুদ্ধে একো আইনগত ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

অসম আৰক্ষীৰ উক্ত নেতিবাচক ভূমিকাত ক্ষুব্ধ হৈ আদালতৰ কাষ চাপে অসম জাতীয় পৰিষদে ৷ দলৰ হৈ উপসভাপতি দুলু আহমেদে যোৱা ন ডিচেম্বৰৰ দিনা ভাৰতীয় দণ্ড বিধি (চি আৰ পি চি)ৰ ১৫৬(৩) ধাৰাৰ অধীনত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে গোচৰ ৰজু কৰে ৷

আজি আদালতে গোচৰটোৰ শুনানি লৈ গোচৰটো বিচাৰৰ বাবে গ্ৰহণ কৰে আৰু আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিয়ে ৷

Exit mobile version