Car theft : নগালেণ্ডৰ পৰা উদ্ধাৰ চুৰি গাড়ী

WhatsApp Image 2022 12 14 at 19.07.53

Car theft :

গীতানগৰ আৰক্ষীয়ে নগালেণ্ডৰ নিউলেণ্ডৰ পৰা কালি নিশা উদ্ধাৰ কৰিছে এখন চুৰি গাড়ী ৷ ধেমাজিৰ ৰঞ্জন কোচ নামৰ লোকজনে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী তেওঁৰ মাৰুটি ইইচিঅ’ বাহনখন চুৰি হোৱা বুলি গীতানগৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই কালি নগালেণ্ডৰ, নিউলেণ্ড অঞ্চলৰ চুমুক’ডিমাৰ পৰা চুৰি গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

কিন্তু এই চুৰিকাণ্ডৰ লগত জড়িত কোনো ব্যক্তিকেই বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত গীতানগৰ থানাত ২২৯/২২ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version