Delhi Airport : সাতৰ পৰা ১০ দিন লাগিব পৰিস্থিতি নিয়ন্ত্ৰণ হ’বলৈ : অসামৰিক বিমান পৰিবহন মন্ত্রী সিন্ধিয়া

WhatsApp Image 2022 12 14 at 21.15.10

Delhi Airport :

অসামৰিক বিমান পৰিবহন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি কয় যে দিল্লী বিমানবন্দৰত যাত্রীৰ শীতকালৰৰ ভিৰ “অপ্রত্যাশিত” আছিল আৰু বিগত দুদিন ধৰি ব্যাপক যানজঁট আৰু বিশৃংখলতা সৃষ্টিকাৰী বাধাসমূহ দূৰ কৰাৰ চেষ্টা অব্যাহত আছে । তৎস্বত্ত্বেও পৰিস্থিতি স্বাভাৱিক হ’বলৈ সাতৰ পৰা ১০ দিন সময় লাগিব বুলি জনায় তেওঁ ।

কালি একাধিক এয়াৰলাইন্সে যাত্রীসকলক ফ্লাইটৰ সময়ৰ তিনিৰ পৰা চাৰি ঘণ্টা পূৰ্বে বিমানবন্দৰত উপস্থিত হ’বলৈ কয় । ইণ্ডিগ’ই তেওঁলোকৰ যাত্রীসকলক অভ্যন্তৰীণ প্রস্থানৰ বাবে কমেও চাৰে তিনি ঘন্টা আগতে আহিবলৈ আৰু মসৃণ নিৰাপত্তা পৰীক্ষাৰ বাবে কেৱল এটা বেগেজ বহন কৰিবলৈ কয় । এয়াৰ ইণ্ডিয়াই আন্তর্জাতিক যাত্রীসকলক চাৰি ঘণ্টা পূৰ্বে আহিবলৈ কয় ।

শেহতীয়াকৈ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী সিন্ধিয়াই কয়, “শীতকালীন উৎসৱৰ ছুটিৰ বাবে ইমান ভিৰ কোনেও কল্পনা কৰা নাছিল । ভ্রমণ কৰিবলৈ ইচ্ছুক যাত্রীসকলৰ চাহিদা আৰু এয়াৰলাইন্সৰ সেৱাৰ মধ্যস্থতাকাৰী বিমানবন্দৰ, যিয়ে নির্বিঘ্ন আৰু দক্ষ সেৱা প্রদান কৰিবলগীয়া হয় । সেই সেৱা প্ৰদান কৰাৰ দায়িত্ব বিমানবন্দৰ অপাৰেটৰৰ । ম‌ই এই বিষয়ত সকলো বিমানবন্দৰ অপাৰেটৰৰ স’তে এটা বৈঠকত মিলিত হৈছো ।”

তেওঁ কয় যে, বিমানবন্দৰত এই ভিৰ প্রৱেশদ্বাৰৰ পৰা আৰম্ভ হৈ নিৰাপত্তা চৌকি পর্যন্ত পাইছে । ইয়াৰ বাবে, তেওঁ কে’বাটাও জৰুৰী ব্যৱস্থাৰ পৰামর্শ দিছে, যাৰ ভিতৰত আছে গেটত চিচিটিভি কেমেৰা স্থাপন আৰু এটা কেন্দ্রীয় নিয়ন্ত্রণ, যিয়ে যাত্রীসকলক সর্বনিম্ন ভিৰত গেটত যোৱাৰ নির্দেশ দিব ।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, “যদি ছয় নম্বৰ গেটত ২০ মিনিট অপেক্ষাৰ সময় থাকে আৰু ১১ নম্বৰ গেটত মাত্র দুই মিনিট অপেক্ষা কৰা হয়, তেনেহ’লে সেয়া তৎক্ষণাৎ পৰিৱর্তন কৰিব লাগিব । অৱশ্যে এয়া ডিছপ্লে স্ক্রিনত প্ৰতিফলিত হ’ব লাগিব । বিমানবন্দৰ অপাৰেটৰসকলৰ স’তে মোৰ আলোচনাৰ পাছত সম্প্ৰতি এয়াই সিদ্ধান্ত লোৱা হৈছে ।”

বিমানবন্দৰৰ অভ্যন্তৰত নিৰাপত্তা চেকপয়েন্টৰ সংখ্যা ১১ৰ পৰা বৃদ্ধি কৰি ২০ কৰা হ’ব । ইতিমধ্যে, ১৭টা চেকপয়েন্ট আছে । আমি সকলো অপ্রয়োজনীয় বেৰিকেড প্ৰত্যাহাৰ কৰিছো বুলিও তেওঁ কয় ।

দিল্লী বিমানবন্দৰত গড়ে প্ৰায় শূন্যৰ পৰা ৮০ নিযুত আৰু টি১ কাৰ্যক্ষম হৈ থকাৰ সময়ত ১০ কোটি লোক আহিছে । মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪-২৫ৰ ভিতৰত আমি নয়ডা বিমানবন্দৰৰ ফেজ-১ এক কোটি ২০ লাখ যাত্ৰীৰ বাবে মুকলি কৰি দিম ।

Exit mobile version