Drugs Seized In Guwahati : মহানগৰ আৰক্ষীৰ সাফল্য ,এম্বুলেঞ্চৰ পৰা ড্ৰাগছ সহ জব্দ ৫০ হেজাৰ য়াবা টেবলেটো

c78ba1c5 1df5 481a 81db 80ee2e4960f8

Drugs Seized In Guwahati :

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত থকাৰ মাজতে মঙলবাৰে নিশা মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত এটা আৰক্ষী দলে গোপন খবৰৰ ভিত্তিত এম এন ০৩-চি-০০৩৭ নম্বৰৰ এখন এম্বুলেন্সত তালাচী চলাই জব্দ কৰে ১৪কোটি টকাৰ ড্ৰাগছ৷

একেদৰে জব্দ কৰে প্ৰায় ৫০ হেজাৰ (৪.০৮কিলো) নিষিদ্ধ য়াবা টেবলেট ৷ এম্বুলেন্সৰ পৰা উদ্ধাৰ কৰা ২০৭ হেৰোইন খিনিৰ মূল্য কেইবাকোটি হ’ব বুলি সদৰি কৰে আৰক্ষীয়ে ৷

ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা অভিযোগত মিৰাজুল ইছলাম নামৰ ড্ৰাগছ পেডলাৰ এটাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে ড্ৰাগছ পৰিবাহী এম্বুলেন্স খন মণিপুৰৰ পৰা গুৱাহাটী হৈ বাংলাদেশ সীমান্তলৈ যোৱাৰ কথা আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷

Exit mobile version