Nepal Danger Accident: চুবুৰীয়া নেপালত ভয়ংকৰ পথ দুৰ্ঘটনা, বিবাহত অংশলৈ উভতি অহা বাছ দুৰ্ঘটনাগ্ৰস্ত

থিতাতে নিহত ১৩,আহত ২০

49990307 2a38 4147 831f 2253e6f8f7e1 1

Nepal Danger Accident :

চুবুৰীয়া নেপালত ভয়ংকৰ পথ দুৰ্ঘটনা ৷বিয়াঘৰৰ উভতি অহা পথত বিবাহযাত্ৰী বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত ১৩ জন লোক ৷

এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয় পাৰ্বত্য ৰাষ্ট্ৰ খনৰ মধ্যাঞ্চলৰ কাভ্ৰেপালনচোক জিলাত৷ প্ৰায় ৪০ গৰাকী লোক কঢ়িয়াই অনা বাছ খনৰ যাত্ৰীসকলে বিবাহত অংশ লৈ নিশা উভতি অহা পথত ৰাজপথত বাগৰি পৰে ৷

দুৰ্ঘটনাটোত ১৩ জনকৈ লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় আহত হয় প্ৰায় ২০ জনকৈ লোক ৷শোকাৱহ দুৰ্ঘটনাটো সংঘটিতৰ পিছতে আৰক্ষী আৰু স্থানীয়লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে মৃত সকলৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে কাভ্ৰেপালনচোক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Exit mobile version