Reporters Without Borders : বিশ্বত বৃদ্ধি পাইছে সাংবাদিক গ্ৰেপ্তাৰ , এক নম্বৰত আছে চীন

1667249202 jail

Reporters Without Borders :

বিশ্বত ক্ৰমশ বৃদ্ধি পাইছে সাংবাদিকক গ্ৰেপ্তাৰ কৰা ঘটনা । সম্প্ৰতি ‘ ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰচ (আৰএছএফ)ৰ প্ৰতিবেদনে এনে দাবী কৰিছে।

প্ৰতিবেদনত পৰিসংখ্যাক আলোকপাত কৰি দেখুৱাইছে যে ২০২১ চনত, কাৰাগাৰত বন্দী সাংবাদিকৰ সংখ্যা আছিল ৪৮৮ জন, ২০২২ চনৰ, এমাহ বাকী থকা অৱস্থাত এই সংখ্যা ৫৩৩ লৈ বৃদ্ধি পাইছে!

জৰীপ অনুসৰি, সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত পাঁচখন দেশ আগবাঢ়ি আছে। যোৱা কিছুবছৰ দৰে, চীন এইবাৰো শীৰ্ষস্থানত আছে।

ইয়াৰ পাছতে আছে ক্ৰমে ম্যানমাৰ, ইৰাণ, ভিয়েটনাম আৰু বেলাৰুছ। এই প্ৰসঙ্গত আৰ এছ এফৰ মুৰব্বী ক্রিষ্ট’ফাৰ ডেলোৱাৰে কয়, “বিশ্বৰ বিভিন্ন দেশত কর্তৃত্ববাদী শাসনত যি দ্রুত গতিত সাংবাদিকসকলক গ্রেপ্তাৰ কৰিছে, সেয়া অতীত দেখিবলৈ পোৱা নাযায় ।”

তাৰ পাছতে তেওঁ জনাই , বিশ্বৰ বিভিন্ন দেশত চৰকাৰৰ বিৰুদ্ধে সত্যৰ ওপৰত আলোকপাত কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা সাংবাদিকসকলৰ কাষত থিয় দিবলৈ সংগঠনটোৱে চেষ্টা কৰিব।

সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত ইৰাণ শীৰ্ষ পাঁচখন দেশৰ তালিকাত নাছিল। কিন্তু ছেপ্টেম্বৰত আৰক্ষীৰ জিম্মাত মাহশা আমিনীৰ মৃত্যুৰ পাছত, সেই দেশত আৰম্ভ হোৱা হিজাব বিৰোধী আন্দোলনৰ পাছত, সংবাদ মাধ্যমসমূহেও চৰকাৰৰ গতানুগতিক আৰু ৰক্ষণশীল নীতিৰ বিৰুদ্ধে মাত মাতিছিল।

তাৰ পাছত, ইৰানী কৰ্তৃপক্ষই ৩৪ জন সাংবাদিকক গ্ৰেপ্তাৰ কৰে। প্ৰতিবেদনত দাবী কৰা হৈছে যে মহিলা সাংবাদিকসকলৰ গ্ৰেপ্তাৰত ২০২২ বৰ্ষটোও লিপিবদ্ধ কৰা হৈছে।

চলিত বছৰত বৰ্তমানলৈকে ৭৮ গৰাকী মহিলা সাংবাদিক কাৰাগাৰত আছে। ইমান সংখ্যক মহিলা সাংবাদিকক আগতে কেতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।

পৰিসংখ্যাৰ পৰা এইটো স্পষ্ট যে সাংবাদিকসকলক বন্দী কৰাৰ বেছিভাগ ঘটনা এছিয়াত সংঘটিত হৈছে, বিশেষকৈ মধ্য প্ৰাচ্যৰ দেশবোৰত।

প্ৰতিবেদনত দাবী কৰা হৈছে যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পৰা এই দেশসমূহত বন্দী সাংবাদিকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

Exit mobile version