Tawang Clash : ‘ভাৰতৰ বিৰুদ্ধে ক্রমে আগ্রাসী হৈছে চীন’, টাৱাং সংঘর্ষৰ পাছত বেইজিঙক কঠোৰ বার্তা আমেৰিকাৰ

pentagon

Tawang Clash :

প্রশান্ত মহাসাগৰীয় অঞ্চলত ক্রমে আগ্রাসী হৈ পৰিছে চীন, এই বার্তা দিলে মার্কিন যুক্তৰাষ্ট্রৰ নিৰাপত্তাৰ সদৰ দপ্তৰ পেন্টাগন (Pentagon) । প্রকৃত নিয়ন্ত্রণৰেখাত ভাৰতৰ স’তে ৰঙা ফৌজৰ সংঘর্ষৰ প্রতিক্রিয়া জনায় পেন্টাগনৰ প্রেছ ছেক্রেটাৰি পেট ৰাইডাৰে ।

প্রকৃত নিয়ন্ত্রণৰেখা সংলগ্ন অঞ্চলত নানা ধৰণৰ নির্মাণকাৰ্য চলাইছে চীনে, সেই কথাও প্ৰকাশ পাইছে ৰাইডাৰৰ বিবৃতিত । ভাৰতে যিদৰে শান্তিপূর্ণ উপায়েৰে চীনা আগ্রাসনৰ মোকাবিলা কৰিছে, সেই উদ্যোগৰো প্রশংসাত পঞ্চমুখ মার্কিন যুক্তৰাষ্ট্র (USA) ।

টাৱাং সংঘর্ষৰ (Tawang Clash) পাছত জানিব পৰা গৈছিল, আলাপ-আলোচনাৰ জৰিয়তে সমস্যা সমাধান হৈছে । দুপক্ষতেই কোনো হতাহতৰ খবৰ পোৱা নাই ।

এই ঘটনাৰ বিষয়টো প্রকাশ্যত অহাৰ পাছতেই প্রতিক্রিয়া জনাইছে মার্কিন যুক্তৰাষ্ট্র‌ই । পেন্টাগনৰ প্রেছ ছেক্রেটাৰি ৰাইডাৰে কৈছে, “মার্কিন যুক্তৰাষ্ট্রৰ মিত্র ৰাষ্ট্রসমূহৰ প্রতি আগ্রাসী হৈ পৰিছে চীন (China) । কে’বাদিনো ধৰি লক্ষ্য কৰা হৈছে, প্রশান্ত মহাসাগৰীয় অঞ্চলত অতি-সক্রিয় হৈ পৰিছে বেইজিং ।”

তেওঁ আৰু কয়, “সংঘাতৰ পথ অৱলম্বন নকৰি ভাৰতে যিদৰে সমস্যা সমাধানৰ চেষ্টা কৰিছে, সেই উদ্যোগত সম্পূর্ণ সমর্থন কৰিব মার্কিন যুক্তৰাষ্ট্র । কাৰণ মিত্র দেশসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা আমাৰ কর্তব্য । লগতে প্রকৃত নিয়ন্ত্রণৰেখাত (LaC) চীনৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখিছে মার্কিন প্রতিৰক্ষা মন্ত্রণালয়ে ।

এই অঞ্চলত বিভিন্ন ধৰণৰ পৰিকাঠামো তৈয়াৰ কৰিছে চীনে । সীমান্তত নিজৰ সেনাৰ শক্তি বৃদ্ধি কৰাতো যথেষ্ট সক্রিয় হৈ পৰিছে বেইজিং প্রশাসন ।”

প্রসংগত, ন ডিচেম্বৰচ অৰুণাচল প্রদেশৰ টাৱাঙত ভাৰতীয় সেনাৰ স’তে সংঘর্ষত লিপ্ত হয় চীনৰ সেনা । গালৱান উপত্যকাৰ ৰক্তক্ষয়ী স্মৃতিক উচতনি দিয়া সেই ঘটনাত তোলপাৰ হয় ৰাষ্ট্ৰীয় ৰাজনীতি ।

চৰকাৰৰ ওচৰত সমগ্ৰ ঘটনাৰ জবাবদিহি হয় বিৰোধীসকল । যদিও ভাৰতীয় সেনাথ শৌর্যৰ প্রসংগ টানি আনি কেন্দ্র‌ই জনায়, সামান্য আহত হৈছে জোৱানসকল ।

গৃহমন্ত্রী অমিত শ্বাহে সকীয়নি দিয়ে, মোদী চৰকাৰৰ আমোলত ভাৰতৰ এক ইঞ্চি মাটিও কোনো দখল কৰিব নোৱাৰে । প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয়, আধামৰা হ’লেও ভাৰতক কোনো ধ্বংস কৰিব নোৱাৰে ।

Exit mobile version