Tea Bag : ব্যৱহাৰ কৰা টি বেগৰো আছে চাৰিটা উপকাৰী গুণ :

istockphoto 478987868 612x612 1

Tea Bag :

চাহ খাবলৈ বহুতে টি বেগ ব্যৱহাৰ কৰে । আমি হয়তো নেজানো যে ,ব্যৱহাৰ কৰি ফালি পেলোৱা টি বেগৰো আছে বহু উপকাৰী গুণ ।

ব্যৱহাৰ কৰা টি বেগ ৰুম ফ্ৰেচনাৰ হিচাপে পুনৰ ব্যৱহাৰ কৰিব পাৰি । এইদৰে ব্যৱহাৰ কৰা টি বেগ ভালকৈ ৰ ‘দত শুকুৱাই নিজৰ পচন্দৰ এচেনছিয়েল অয়েল স্প্ৰে কৰা বটলত ভৰাই থলেই আপোনাৰ হ’মমেড ৰুম ফ্ৰেচনাৰ তৈয়াৰ হৈ যাব ।

বিশেষকৈ ব্যৱহাৰ কৰা টি বেগে ফ্ৰিজৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে । বিভিন্ন সময়ত ফ্ৰিজত ৰখা খাদ্যৰ বাবে ফ্ৰিজত দুৰ্গন্ধৰ সৃষ্টি হয় । এই দুৰ্গন্ধ দূৰ কৰিবলৈ এটা টি বেগ ফ্ৰিজৰ এটা কোণত ৰাখি থলেই ফ্ৰিজৰ বেয়া গোন্ধ নাইকীয়া হ’ব ।

ইয়াৰোপৰি জোতাৰ মোজাৰ পৰা ওলোৱা দুৰ্গন্ধ দূৰ কৰিবলৈও টি বেগ ব্যৱহাৰ কৰিব পাৰি । জোতা বা মোজা থোৱা ঠাইত টি বেগ ৰখাৰ উপৰিও ৰ’দত মোজা বা জোতা শুকুৱাওতে টি বেগ ৰাখিলে দুৰ্গন্ধ দূৰ হয় ।

Glass of tea. Herbal tea bag and vapor on black background

চাহ পাতে গছৰ বাবে প্ৰাকৃতিক সাৰৰ কাম কৰে । ব্যৱহাৰ কৰা টি বেগ ফালি , সেই চাহ পাত ঘৰত ৰুৱা বিভিন্ন গছ পুলি , ফুলৰ গুৰিত দিলে সাৰৰ কাম কৰে আৰু গছ বা ফুলৰ শ্ৰীবৃদ্ধি ভাল হয় ।

বি : দ্ৰ : এই প্ৰতিবেদনটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । কোনো বিভ্ৰান্তিৰ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

Exit mobile version