Tobacco Free Country : ধপাঁতমুক্ত দেশ গঢ়াৰ লক্ষ্যৰে আইন নিউ জিলেণ্ডত

1670976076 tobacco

Tobacco Free Country :

লক্ষ্য ২০২৫ । ইয়াৰ পূৰ্বেই সমগ্ৰ দেশ ধপাঁতমুক্ত কৰাৰ লক্ষ্যত এইবাৰ বিশেষ আইন জাৰি কৰিব নিউ জিলেণ্ড চৰকাৰে । সেই আইন অনুযায়ী, ২০০৯ত বা তাৰ পাছৰ পৰা যিসকলে জন্মগ্রহণ কৰিছে বা কৰিব, তেওঁলোকৰ বাবে চিগাৰেট বা ধপাঁতজাত দ্রব্য বিক্রী সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে ।

পৰৱর্তী প্রজন্মক কৰ্কটসহ নানা জটিল ৰোগমুক্ত কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনাইছে নিউ জিলেণ্ড চৰকাৰে । আজি সন্ধিয়া সদনত চূড়ান্ত আইনি মান্যতা পাইছে বিলখনে । ২০২৩ৰ পৰা বিলখন আইন হিচাপে কার্যকৰ কৰা হ’ব বুলি জনাইছে জেছিণ্ডা আর্ডের্ন চৰকাৰে ।

২০১০ত ভূটান ধূমপান নিষিদ্ধ কৰাৰ পাছত এয়ে প্রথম কোনো দেশে ধপাঁত নিষিদ্ধ কৰাৰ পক্ষত আইন কার্যকৰ কৰিব । নিউ জিলেণ্ডৰ সহকাৰী স্বাস্থ্যমন্ত্রী আয়েষা ভেৰালে কয়, ‘‘এই আইন কার্যকৰ হ’লে আমি আগুৱাই যাব পাৰিম এটা ধপাঁতমুক্ত ভৱিষ্যতৰ দিশে ।’’

তেওঁ আৰু কয়, ‘‘যদি ধূমপান বন্ধ কৰিব পৰা যায়, তনেহ’লে অধিকাংশ লোক সুস্থ থাকিব । ধূমপানৰ ফলত অসুস্থ হৈ চিকিৎসা কৰোৱাৰ খৰচো বহন কৰিব নালাগিব অনেকেই । ফলত নানা ধৰণৰ কৰ্কট, হৃদ্‌ৰোগসহ অন্য ৰোগৰ পৰাও ৰক্ষা পৰিব অনেকেই ।’’

এই আইন কার্যকৰ হ’লে ধপাঁতজাত দ্রব্যত নিক’টিনৰ মাত্রা হ্ৰাস কৰা হ’ব বুলি জনাইছে চৰকাৰে । ধপাঁত আৰু ধপাঁতজাত দ্রব্যেশৰ বিক্রীও যথা সম্ভৱ কম কৰিবলৈ উদ্যোগী হৈছে নিউ জিলেণ্ড চৰকাৰ ।

এই লক্ষ্যৰে সমগ্ৰ দেশত মুঠ ছয় হেজাৰ আইনসিদ্ধ ধপাঁতজাত দ্রব্য বিক্রীৰ দোকান ছশ লৈ হ্ৰাস কৰিব চৰকাৰে ।

Exit mobile version