Elephant : সাতগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

WhatsApp Image 2022 12 15 at 17.26.10 1

Elephant :

মহানগৰীৰ সাতগাঁও অঞ্চলত আজি এটা বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰে অঞ্চলবাসীৰ মাজত ৷

খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে আজি সাতগাঁও অঞ্চলত উপদ্রৱ চলায় ।

পুৱা প্ৰায় সাত বজাত আমচাং অভায়ৰণ্যৰ পৰা ওলাই অহা বন্যহাতীটোৱে প্ৰথমে সাতগাঁও সেনা শিবিৰত প্ৰৱেশ কৰে, পাছত সাতগাঁৱৰ জনবসতি অঞ্চলত প্ৰৱেশ কৰি বহু লোকৰ ঘৰৰ বাৰীৰ গছ-গছনি ভাঙি তহলিং কৰে ।

অৱশ্যে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ লোকে প্ৰায় দুঘণ্টাৰ নেৰানেপেৰা চেষ্টাৰ অন্তত বন্যহাতীটো পুনৰ আমচাং অভায়ৰণ্যলৈ খেদি পঠিয়াবলৈ সক্ষম হয় ।

খাদ্যৰ সন্ধানত এনেদৰে জনবসতিপূৰ্ণ অঞ্চললৈ হাতী ওলাই অহাটো এতিয়া এক উদ্ৰেকৰ কাৰণ হৈ পৰিছে‌ ৷

Exit mobile version