Ex AASU President Dipanka Nath Marriage : ড:ৰূপা হাজৰিকাৰ পাণিগ্ৰহণ কৰিলে আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে

334ce977 9070 4b48 a579 b292f8ab3e13

Ex AASU President Dipanka Nath Marriage :

অৱশেষত যুগ্মজীৱন আৰম্ভ হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি দীপাংক নাথৰ ৷ মহানগৰীৰ উজানবজাৰ নিবাসী ডঃ ৰূপা হাজৰিকাৰ স’তে আজি বহু গুণমুগ্ধৰ উপস্থিতিত দীপাংক নাথে বিবাহ কাৰ্য সম্পন্ন হয় গুৱাহাটীৰ সোমনাথ মন্দিৰত ৷

বিবাহ অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য, প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীন জ্যোতি গগৈ আৰু বিজেপি নেত্ৰী তথা অভিনত্ৰী আঙৰলতা ডেকা সহ বহু অনুৰাগী ৷

আনহাতে ন-দম্পত্তিয়ে আজি সন্ধিয়া আয়োজন কৰিছে এক অভ্যৰ্থনা অনুষ্ঠানৰ । উল্লেখ্য যে, যোৱা  বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা জৰুৰী কাৰ্যনিৰ্বাহক সভাত আছুৰ সভাপতি পদৰ পৰা দীপাংক নাথে পদত্যাগ কৰিছিল।

Exit mobile version