Ex AASU President Dipanka Nath Marriage :
অৱশেষত যুগ্মজীৱন আৰম্ভ হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি দীপাংক নাথৰ ৷ মহানগৰীৰ উজানবজাৰ নিবাসী ডঃ ৰূপা হাজৰিকাৰ স’তে আজি বহু গুণমুগ্ধৰ উপস্থিতিত দীপাংক নাথে বিবাহ কাৰ্য সম্পন্ন হয় গুৱাহাটীৰ সোমনাথ মন্দিৰত ৷
বিবাহ অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য, প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীন জ্যোতি গগৈ আৰু বিজেপি নেত্ৰী তথা অভিনত্ৰী আঙৰলতা ডেকা সহ বহু অনুৰাগী ৷
আনহাতে ন-দম্পত্তিয়ে আজি সন্ধিয়া আয়োজন কৰিছে এক অভ্যৰ্থনা অনুষ্ঠানৰ । উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা জৰুৰী কাৰ্যনিৰ্বাহক সভাত আছুৰ সভাপতি পদৰ পৰা দীপাংক নাথে পদত্যাগ কৰিছিল।