Indian Navy : আজাদী কা অমৃত মহোৎসৱ উদ্‌যাপন উপলক্ষে ভাৰতীয় নৌসেনাৰ ২১ দিনীয়া মটৰ চাইকেল অভিযান সম্পন্ন

WhatsApp Image 2022 12 15 at 17.26.18

Indian Navy :

ভাৰতীয় নৌসেনাৰ মটৰ চাইকেল দল ‘দ্য ছি ৰাইডাৰ্ছ’এ ১৯০১ৰ পৰা আৰম্ভ হোৱা বিশ্বৰ আটাইতকৈ পুৰণি মটৰ চাইকেল ব্ৰেণ্ড ৰয়েল এনফিল্ডৰ স’তে একজোঁট হৈ স্বাধীনতাৰ ৭৫ বছৰৰ স্মৃতিত ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্‌যাপনৰ অংশ হিচাপে উত্তৰ-পূৱ ভাৰতৰ সাতখন ৰাজ্যত ২৫ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰ ২০২২ তাৰিখলৈকে মটৰ চাইকেল অভিযান চলাইছিল ।

২১ দিনীয়া কাৰ্যসূচীৰে দুটা পৰ্যায়ত অনুষ্ঠিত বাইক ৰেলীত ৩৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে । এই বাইক ৰেলীত উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য যথাক্ৰমে অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নগালেণ্ড আৰু অৰুণাচল প্ৰদেশত অভিযান চলায় ।

প্ৰথম পৰ্যায়ৰ অভিযানৰ শেষত উপনীত হয় নগালেণ্ডৰ কোহিমাত, য’ত হৰ্ণবিল উৎসৱৰ সময়ত কিছামা হেৰিটেজ ভিলেজৰ নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰ, পিভিএছএম, এভিএছএম, ভিএছএম, এডিচিয়ে দলটোক ফ্লেগ ইন কৰে ।

১৫ ডিচেম্বৰত গুৱাহাটীৰ নাৰংগী কেণ্টত দ্বিতীয় পৰ্যায়ৰ ফ্লেগ ইন কৰা হয় ।

এই ২১ দিনৰ অভিযানত কেপ্তেইন সুমিত পুৰী আৰু কেপ্তেইন ৰোহিত গুপ্তেৰ নেতৃত্বত পোন্ধৰখন ৰয়েল এনফিল্ড মিটিয়ৰ ৩৫০ চিচি বাইকেৰে, ৩১ গৰাকী ছি ৰাইডাৰে মুখ্য চহৰ গুৱাহাটী, আইজল, ইম্ফল, কোহিমা, ইটানগৰ, তেজপুৰ আৰু শ্বিলং অতিক্ৰম কৰিছিল ।

দলটোৱে ভাৰত-বাংলাদেশ সীমান্ত আৰু ভাৰত-ম্যানমাৰ সীমান্তৰে পাৰ হৈ যোৱা কিছু কঠিন পথ অতিক্ৰম কৰি ঐতিহাসিক উনাকোটি ভাস্কৰ্য্য, বিশ্বৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যান কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰসিদ্ধ হৰ্ণবিল উৎসৱৰ সাক্ষী হয় ।

মটৰ চাইকেল আৰোহীসকলে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স’তে মত বিনিময় কৰি ভাৰতীয় নৌসেনাৰ বিষয়ে সজাগ কৰাৰ লগতে দুঃসাহসিক অভিযানৰ বিষয়ে কয় ।

স্থানীয় জনসাধাৰণ, জিলা প্ৰশাসনৰ কৰ্মচাৰী, প্ৰাক্তন কৰ্মচাৰীৰ লগতে বিভিন্ন স্থানত শিশুৰ স’তেও মত বিনিময় কৰে দলটোৱে ।

সমগ্ৰ যাত্ৰাপথত অসম ৰাইফলছৰ জোৱানসকলে দলটোক সহায় কৰে আৰু প্ৰয়োজনীয় প্ৰশাসনিক আৰু লজিষ্টিক সহায়ো প্ৰদান কৰিছিল ।

Exit mobile version