Rhino Poacher Arrested : পাঁচ লাখ ঘোষণা কৰা দুৰ্ধষ গড় চিকাৰী অৱশেষত আৰক্ষীৰ জালত

দৰং আৰক্ষীৰ বৃহৎ সাফল্য

5311fe81 4bf0 4c62 ad35 efe9e14d1199

Rhino Poacher Arrested :

ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্য সহ ৰাজ্যৰ কে’বাখনো অভয়াৰণ্যত গড় চিকাৰৰে সন্ত্ৰাস চলাই অহা দুৰ্ধৰ্ষ গড় চিকাৰী অৱশেষত আৰক্ষীৰ জালত ৷ আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ চোৰাং গড় চিকাৰীটোৰ সন্ধান দিওটালৈ আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছিল পাঁচ লাখ টকা ৷

ধৃত চিকাৰীটোৰ নাম আব্দুল মতিন৷ যোৱা নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড় চিকাৰৰ উদ্দেশ্যৰে দলগাঁওৰ কছাৰীভেটিটোপৰ এঘৰলোকৰ ঘৰত আন এজন সংগীৰ স’তে বাহৰ পাতি আছিল দুৰ্ধৰ্ষ চিকাৰীটো ৷

দলগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ঘৰটোত অৰ্তকিতে অভিযান চলাই আব্দুল মতিনক আটক কৰিবলৈ সক্ষম হয়৷লগতে জব্দ কৰে সক্ৰিয় গুলী সহ এটা ৩.৩ ৰাইফল৷ আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰে মতিনৰ সহযোগী চিকাৰী চামচুদ্দিনক ৷ ইতিমধ্যে দলগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version