Shraddha Walkar Murder : দিল্লীৰ জংঘলত পোৱা হাড়ৰ টুকুৰা আচলতে কাৰ ? জনালে ডিএনএ ৰিপোৰ্ট,

1668435311 shraddha 2

Shraddha Walkar Murder :

দিল্লীৰ মেহৰৌলীৰ জংঘলৰ পৰা যি হাড়ৰ টুকুৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সেইসমূহ শ্ৰদ্ধা ৱাকাৰৰ। বৃহস্পতিবাৰে ডিএনএ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছত বিষয়টো নিশ্চিত হৈছে বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে ।

হত্যাৰ গোচৰটোৰ মূল অভিযুক্ত আফতাব পুনাৱালাক গ্ৰেপ্তাৰ হোৱাৰ পাছতে আৰক্ষীক সেই জংঘললৈ লৈ যায় অভিযুক্তজনে ।

ইয়াৰ পাছতে শ্ৰদ্ধাৰ পিতৃৰ ডিএনএ নমুনা সংগ্ৰহ কৰা অৰণ্যৰ পৰা উদ্ধাৰ হোৱা হাড়ৰ স’তে মিলাই চোৱা হৈছিল । সেই প্ৰতিবেদনটো বৃহস্পতিবাৰে প্ৰকাশ্যেত আহিলে ।

বিগত ১৮ মে’ত, আফতাবে শ্ৰদ্ধাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হয়। পৰৱৰ্তী ১৮ দিনৰ বাবে, আফতাবে শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টুকুৰাত কাটি পেলায়।

ইয়াৰ পাছত, শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰাবোৰ অৰণ্যৰ চাৰিওফালে পেলাই দিয়ে ।

এই পৰ্যন্ত এই গোচৰত কেবাখনো চুৰি দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰিছে। তেওঁলোকৰ অভিযোগ , উদ্ধাৰ হোৱা চুৰি কেইখনেৰেই আফতাবে শ্ৰদ্ধাৰ শৰীৰটো টুকুৰা কৰিছে।

জেৰাত আফতাবৰ কিছু স্বীকাৰোক্তিও পোৱা যায় । অৱশ্যে, আৰক্ষীয়ে জনাই যে এয়া পৰ্যাপ্ত প্ৰমাণ নহয়। আফতাবৰ লাই-ডিটেকশন পৰীক্ষা কৰা হৈছে।

সেইসমূহ আদালতৰ বিৰুদ্ধে প্ৰমাণ হিচাপে উপস্থাপন কৰিব আৰক্ষীয়ে । অৱশ্যে, আৰক্ষীয়ে ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনক ডাঙৰ প্ৰমাণ হিচাপে চাইছে ।

Exit mobile version