Toll Gate : আজিও অসম্পূৰ্ণ শিলচৰ-গুৱাহাটী আৰু নগাঁও-ডিব্ৰুগড় চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ

IMG 20221214 132833

Toll Gate :

ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকাৰীৰ উদাসীন মনোভাৱ আৰু ঠিকাদাৰ গোষ্ঠীৰ চূড়ান্ত মইমতালিৰ বাবেই বছৰ বছৰ ধৰি অসম্পূৰ্ণ আৰু বিধ্বস্ত অৱস্থাতে আছে গুৱাহাটী-শিলচৰ আৰু নগাঁও ডিব্ৰুগড় চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ দুটা।

যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগিব লগা হৈছে। শামুকীয়া গতিৰে চলা পথ দুটাৰ নিৰ্মাণ কাৰ্য এই পৰ্যন্ত ঠায়ে ঠায়ে আৰম্ভই হোৱা নাই।

নগাঁও বাইপাছৰ উৰিয়াগাঁও চ’কৰ পৰা কলিয়াবৰ তিনিআলি,দোলাবাৰী, গহপুৰ,নুমলিগড় হৈ ডিব্ৰুগড়লৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ কাম কে’বা বছৰ পূৰ্বে আৰম্ভ কৰা হৈছিল যদিও শোণিতপুৰ আৰু বিশ্বনাথ জিলাত ইয়াৰ বিশেষ অগ্ৰগতি লাভ কৰা নাই ।

অৱশ্যে নগাঁও জিলাতো কেবাটাও স্থানত এই চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হোৱা নাই। ইপিনে, সুদীৰ্ঘ বছৰৰ পাছতো গুৱাহাটী-শিলচৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ এক বৃহৎ অংশৰ নিৰ্মাণ কাৰ্য আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল।

ইপিনে, নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওঁতেই ৰাইজক মাধমাৰ শোধাই চালিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত তিনিটাকৈ টোলগেট বহুৱাই টোলগেটত অত্যাধিক কৰ সংগ্ৰহ কৰি থকা হৈছে।

অসম্পূৰ্ণ আৰু বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাই পথৰেই ৰাইজে বিপদ সংকুল যাত্ৰা পথত এতিয়া নগাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা পথত দুটাকৈ টোল গেটত আৰু হোজাই জিলাৰ পৰা গুৱাহাটীলৈ যাঁওতে তিনিটাকৈ টোল গেটত বৃহৎ পৰিমাণৰ টোল আদায় দিবলৈ বাধ্য হৈছে।

ব্যক্তিগত কাৰ,জীপ,ভান লৈ কোনো এজন লোক যদি ডিমাহাচাও, কাৰ্বিআংলং অথবা হোজাই জিলাৰ পৰা নগাঁও হৈ গুৱাহাটীলৈ যায় তেনেহলে তেওঁ তিনিটাকৈ টোল গেট ক্ৰমে ডৱকাৰ চাৰিলেনযুক্ত ৩৬নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ মিকিৰ আটি হাওগাঁও টোল গেট,৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ৰহা টোলগেট আৰু নাজিৰাখাট টোল গেটত এদিনৰ এবাৰ মাত্ৰ অহা যোৱাৰ বাবদ আদায় দিব লগীয়া হৈছে বৃহৎ পৰিমাণৰ টোল ।

ইপিনে, তলাবন্ধৰ মাজতেই বিগত ২০২০ বৰ্ষৰ মে’ মাহত মুকলি কৰা হৈছিল ডৱকা আৰু নাজিৰাখাটৰ টোলগেট দুটা। স্মৰ্তব্য যে,নগাঁও-গুৱাহাটী ‌৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত দুটাকৈ টোল গেটগেটত ব্যৱসায়িক লঘু বাহন সমূহে শ শ টকাৰ টোল আদায় দিব লগীয়া হোৱাত গাড়ীৰ ভাড়াৰ নিৰিখো ‌বহু‌ বৃদ্ধি পাইছে ।

ঠিক একেদৰে,বাছ আৰু ট্ৰাক সমূহেও একাধিক টোলগেটত অত্যাধিক কৰ আদায় দিব লগীয়া হোৱাত বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। ফলত দুৰ্ভোগ ভুগিব লগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে।

নগাঁও,হোজাই কিম্বা উত্তৰ অসম আৰু উজনি অসমৰ পৰা গুৱাহাটীলৈ যাওতে ৰহা আৰু নাজিৰাখাট টোল গেটত বৃহৎ পৰিমাণৰ টোল আদায় দি ৰাইজ সৰ্বস্বান্ত হোৱাৰ সময়তে চৰকাৰে নগাঁও জিলাৰ কলিয়াবৰ চুলুঙত পুনৰ এটা টোলগেট বহুৱাই ৰাইজক টেটুচেঁপা দিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে।

এন এইচ আই ডি চি এল য়ে নিৰ্মাণ কৰা চুলুঙৰ টোলগেটটোৰ নিৰ্মাণ কাৰ্যৰ প্ৰায় নৱৈ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আগন্তুক ২০২৩বৰ্ষৰ জানুৱাৰী মাহতে চুলুঙৰ টোলগেটটো মুকলি কৰি টোল সংগ্ৰহৰ কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

অথচ কলিয়াবৰৰ পৰা শোণিতপুৰ, বিশ্বনাথ জিলাত এই চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যই বিশেষ অগ্ৰগতিয়েই লাভ কৰা নাই। অসম্পূৰ্ণ পথৰে যাতায়ত কৰিলেও নগাঁও জিলাৰ পৰা কলিয়াবৰ হৈ তেজপুৰ দিশে যাত্ৰা কৰা বাহন আৰু তেজপুৰ পৰা কলিয়াবৰ হৈ ৰাজ্যৰ অন্য প্ৰান্তলৈ যাত্ৰা কৰা বাহনে চুলুঙৰ টোলগেটত বৃহৎ পৰিমাণৰ টোল দিবলৈ বাধ্য হ’ব।

বিশেষকৈ চুলুঙৰ টোলগেটটো মুকলি কৰাৰ পাছত উত্তৰ অসমৰ পৰা গুৱাহাটীলৈ যাওতে যান বাহন সমূহে ক্ৰমে চুলুং,ৰহা আৰু নাজিৰাখাট টোলগেটত আদায় দিব লাগিব বৃহৎ পৰিমাণৰ টোল।

ঠিক একেদৰে, গুৱাহাটী অথবা নামনি অসমৰ পৰা নগাঁও হৈ শোণিতপুৰ জিলালৈ অহা-যোৱা কৰোতে যান বাহন সমূহে নাজিৰাখাট,ৰহা আৰু চুলুঙৰ টোলগেটত আদায় দিব লাগিব বৃহৎ পৰিমাণৰ টোল।ফলত তেওঁ লোকৰ এই যাত্ৰা খুবেই ব্যৱহুল হ’ব।

ইয়াৰ লগে লগে যাত্ৰীবাহী বাছ সমূহৰো ভাড়া লগতে অত্যাধিক টোল আদায়ৰ ফলত যাতায়তী খৰচ বৃদ্ধি হোৱাৰ অজুহাতত বিভিন্ন সামগ্ৰীৰো দাম স্বাভাৱিকতেই বৃদ্ধি পাব।যাৰ দুৰ্ভোগ ভুগিব লাগিব সৰ্বসাধাৰণ ৰাইজে।

Exit mobile version