WhatsApp : হোৱাট‌ছ‌এপ্ ব্যৱহাৰকাৰীৰ বাবে সুখবৰ

এইবাৰ উপলব্ধ হ'ব কল ৰেকৰ্ডিঙৰ সুবিধা !

WhatsApp video call recording

WhatsApp :

ব্যৱহাৰকাৰীসকলৰ বাবে সকলো সময়তে নতুন নতুন ফিচাৰ উপলব্ধ কৰাৰ চেষ্টা কৰিছে হোৱাটছ এপে । সেয়ে পৰীক্ষা-নিৰীক্ষা চলিয়ে থাকে । প্ৰাপ্ত তথ্য অনুসৰি, আগন্তুক বছৰত উপলব্ধ হ’ব পাঁচটা ফিচাৰ ।

জানি ল‌ওক কি কি –

ছিডিউলিং মেছেজ : আগন্তুক দিনত হোৱাটছ‌এপত উপলব্ধ হ’ব ছিডিউল কৰাৰ সুযোগ । অর্থাৎ ধৰা হ’ল নিশা ১২ বজাত কাৰোবাক মেছেজ পঠাব বিচাৰে, সেই ক্ষেত্রত আগতেই মেছেজ ছিডিউল কৰিব পাৰিব । পাহৰাৰ সম্ভাৱনাই নাথাকিব ।

এডিট মেছেজ : বহু সময়ত ভুলতে কাৰোবাক মেছেজ গুচি যায় । কেতিয়াবা মেছেজ পঠোৱাৰ পাছত মনত পৰে, কিছু সলনি কৰাৰ প্রয়োজন আছিল । ইমান দিনে সেই ক্ষেত্রত ডিলিটৰ বাহিৰে অন্য কোনো উপায় নাছিল ।

অৱশ্যে আগন্তুক বছৰৰ পৰা এডিট অপছন পোৱা যাব বুলি আশা কৰা হৈছে । অর্থাৎ কিছু মেছেজ পঠোৱাৰ পাছত মেছেজটো এডিট কৰি পৰিৱর্তন কৰিব পৰা যাব ।

আনছেণ্ড : ইতিমধ্যে মেছেঞ্জাৰত উপলব্ধ হৈছে আনছেণ্ড অপছন । কিন্তু হোৱাটছ‌এপত নাই । ফলত উপায় বুলিবলৈ কেৱল ডিলিট অপছনেই আছে । সেইক্ষেত্রতো বুজিব পৰা যায় যে, কোনো মেছেজ পঠাই সেয়া ডিলিট কৰি দিয়া হৈছে । আনছেণ্ডৰ ক্ষেত্রত সেই সমস্যা নাথাকে ।

ভেনিছ মোড : ইনষ্টাগ্রাম আৰু মেছেঞ্জাৰ ব্যৱহাৰকাৰীসকলে কিছু পৰিমাণে হ’লেও ভেনিছ মোড সম্পর্কে জানে । অত্যন্ত গোপন আলোচনা বা তথ্য আদান-প্রদানৰ ক্ষেত্রত এই ফিচাৰ অত্যন্ত সুবিধাজনক । আগন্তুক বছৰৰ পৰা হোৱাটছ‌এপতো পাব সেই সুবিধা ।

কল ৰেকর্ডিং : অনেকৰ বাবে অতি গুৰুত্বপূর্ণ এই ফিচাৰ । সম্ভৱত আগন্তুক বছৰৰ পৰা সাধাৰণ কলৰ দৰে ৰেকর্ড কৰিব পাৰিব হোৱাটছ‌এপ্ কলো । অৱশ্যে ৰেকর্ড কৰিবই লাগিব তেনে নহয় । আপুনি ইচ্ছা কৰিলে ৰেকর্ড কৰিব পাৰিব কল ।

Exit mobile version