wholesale  : দেশৰ পাইকাৰী বজাৰত মুদ্রাস্ফীতি ২১ মাহৰ সৰ্বনিম্ন হ’ল

Retial 1

wholesale :

কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে কালি প্ৰকাশ কৰা এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বিগত ২১ মাহৰ পাছত দেশত নৱেম্বৰত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ সৰ্বনিম্ন হৈছিল।

ADVERTISEMENT

নৱেম্বৰত দেশৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল ৫.৮৫ শতাংশ। ২০২১ৰ নৱেম্বৰত দেশত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল ১৪.৮৭ শতাংশ।

চলিত বৰ্ষৰ অক্টোবৰতো এই হাৰ ৮.৩৯ শতাংশ আছিল। খুচুৰা মুদ্রাস্ফীতিৰ নৱেম্বৰত ৫.৮৮ শতাংশলৈ হ্রাস পালে।

২০২১ৰ ফেব্ৰুৱাৰীৰ পাছত নৱেম্বৰত প্ৰথমবাৰলৈ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ খুচুৰা মুদ্রাস্ফীতিতকৈ হ্ৰাস পালে। ২০২১ৰ ফেব্ৰুৱাৰীত দেশত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৫.০৩ শতাংশ আৰু পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ৪.৮৩ শতাংশ আছিল।

Exit mobile version