Assam Election 2026 : নতুন সমষ্টিৰ ভিত্তিত ২০২৬ ৰ নিৰ্বাচন, গৃহ দপ্তৰক জনালে দিছপুৰে 

Assam Election 2026 :

ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সেউজ সংকেত দিলে ৰাজ্য চৰকাৰে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলেও কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি নহয় বুলি অৱগত কৰিছে দিছপুৰে ।

উল্লেখ্য যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰস্তাৱৰ পাছতে তদানীন্তন তৰুণ গগৈ চৰকাৰে এইক্ষেত্ৰত আপত্তি দৰ্শাই এই বুলি প্ৰতিবেদন দাখিল কৰিছিল যে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ গ’লে আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ।

ৰাজ্য চৰকাৰে এই আপত্তিৰ বাবে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো পিছুৱাই থকাৰ পাছত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰা কঠোৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো যথাসম্ভৱ সোনকালে সম্পূৰ্ণ কৰিব বিচাৰিছে ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰা পুনৰ প্ৰতিবেদন বিচৰাৰ পাছতে দিছপুৰে শেহতীয়াকৈ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণত কোনো অসুবিধা নহয় বুলি স্পষ্ট কৰি দিছে ।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কালি এইকথা সদৰী কৰি কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেও অসমত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় বুলি কেন্দ্ৰলৈ এখন লিখিত পত্ৰ প্ৰেৰণ কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে কয়, ’’ মই ভাবো আমাৰ চৰকাৰৰ পত্ৰখৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগে নিশ্চয় সময়োপযোগী সিদ্ধান্ত ল’ব ।‘’

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগ তৎপৰ হৈ উঠাৰ সূত্ৰে ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হোৱাৰ ইংগিত স্পষ্ট হৈছে ।

ৰাজ্যিক বিভাগৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা মতে, পৰৱৰ্তী ২০১৬ ৰ বিধানসভা নিৰ্বাচন নতুন সমষ্টিৰ ভিত্তিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । অৱশ্যে উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে নিৰ্বাচন আয়োগক সমষ্টিৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ যাৱতীয় কাম-কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল । সেয়েহে সমষ্টি পুনৰ নিৰ্ধাৰণ নোহোৱাকৈ সাধাৰণ নিৰ্বাচনকে ধৰি আন নিৰ্বাচন অনুষ্ঠিত কৰিলে ন্যায়ালয়ে বাধা আৰোপ কৰাৰ সম্ভাৱনা প্ৰৱল ।

এই প্ৰসংগত ৰাজ্য়িক বিজেপিৰ সূত্ৰই সদৰী কৰা মতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ইতিমধ্যে দলে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনানুষ্ঠানিক ইংগিত লাভ কৰিছে । আনকি সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ভোটৰ বিন্যাস দলৰ স্বাৰ্থত কৰাৰ বিষয়টোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবলৈও দলৰ বিধায়ক, সাংসদকে ধৰি জেষ্ঠ নেতাসকলক নিৰ্দেশ দিয়া হৈছে ।

আনকি ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টো চোৱা-চিতাৰ বাবে এখন সমিতিও গঠন কৰিছে । প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ নেতৃত্বত গঠিত এই সমিতিখনে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সমষ্টি পৰিভ্ৰমণ কৰি জনগাঁথনিৰ বিন্যাসৰ ভিত্তিত দলৰ সহায়ক হোৱাকৈ কোনটো সমষ্টিৰ পৰা কোনটো অংশ কৰ্তন কৰি কাষৰীয় সমষ্টিত সংযোগ কৰিলে দলৰ লাভ হয় সেইবিষয়ে অধ্যয়ন আৰম্ভ কৰিছে ।

ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে সদৰী কৰা তথ্য অনুসৰি, সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেও সমষ্টিৰ সংখ্যা বৃদ্ধি নাপায় । মাথোঁ জনসংখ্যাৰ ভিত্তিত সমষ্টিৰ কিছুসংখ্যক কৰ্তন বা সংযোগৰ লগতে সমষ্টিৰ নাম আৰু সংৰক্ষণ ব্যৱস্থাৰ সাল-সলনি হ’ব পাৰে । স্বাভাৱিকতে আয়োগৰ এই নিৰ্দেশনাই শাসক-বিৰোধীৰ উভয় পক্ষৰ বহু বিধায়কক নিজৰ সমষ্টি অক্ষত ৰখাৰ বাবে তৎপৰ হৈ উঠা দেখা গৈছে ।

বিশেষকৈ সংৰক্ষণৰ আওতাত সোমলে বহু বিধায়কে সমষ্টি হেৰুওৱাৰ আশংকাত ভুগিছে । ৰাজ্যিক বিজেপিৰ সূত্ৰটোৰ মতে, বহুকেইটা সমষ্টিৰ অঞ্চলৰ লগতে নাম সলনি হোৱাৰো সম্ভাৱনা আছে । বিশেষকৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰি অহা জালুকবাৰী সমষ্টিটো উত্তৰ গুৱাহাটী সমষ্টিৰূপে নামাংকিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

তেনেক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বিষয়টো ৰাজ্য চৰকাৰে কেন্দ্ৰক সেউজ সংকেত দিয়াৰ কথা স্বয়ং মুখ্যমন্ত্ৰীয়ে কালি ব্যক্ত কৰাৰ পাছতে সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত পুনৰ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ।

Exit mobile version