Delhi-Himachal Election : হিমাচল-দিল্লীৰ নিৰ্বাচনী ব্যৰ্থতাত ক্ষুণ্ণ মোদী

jp nadda 0 0

Delhi-Himachal Election :

গৃহ ৰাজ্য হিমাচল প্রদেশত শেহতীয়া বিধানসভাৰ নিৰ্বাচনত পৰাজয়ৰ পাছত পাখি কটা গ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ । সূত্ৰৰ প্ৰকাশ যে নড্ডাৰ ক্ষমতা সংগোপনে কৰ্তন কৰা হৈছে ।

আগন্তুক সময়ত নিৰ্বাচনত দলীয় টিকট দিয়াৰ দৰে বিষয়ৰ পৰা তেওঁক আঁতৰি থাকিবলৈ কোৱা হৈছে যে উচ্চস্তৰীয় সূত্ৰত প্ৰকাশ যে দিল্লী পৌৰসভা নিৰ্বাচনৰ দায়িত্বত থকা দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ ভূমিকাতো ক্ষুণ্ণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ।

চলিত ডিচেম্বৰত যি তিনিটা নিৰ্বাচনক লৈ ৰাজনৈতিক মহলত জল্পনা-কল্পনা অব্যাহত আছিল, তাৰ ভিতৰত দিল্লী পৌৰ নিগমৰ নিৰ্বাচন কঠিন হ’ব বুলি ধাৰণা কৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব‌ই ।

ইয়াৰ বিপৰীতে গুজৰাট আৰু হিমাচল প্ৰদেশত বিজয় নিশ্চিত বুলিয়ে ধৰি লৈছিল বিজেপিয়ে । হিমাচল প্ৰদেশত সামান্য ব্যৱধানত দলৰ পৰাজয়ত ভীষণ ক্ষুব্ধ প্ৰধানমন্ত্ৰী মোদী ।

২০২৪ৰ লোকসভাৰ নিৰ্বাচনত বিজয়ী হৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’বলৈ এতিয়াৰে পৰা মনোনিবেশ কৰিছে মোদীয়ে । এই সপোন পূৰণত কোনো ধৰণৰ আপোচ কৰিবলৈ তেওঁ সন্মত নহয় ।

দলৰ কেন্দ্ৰীয় নেতাৰ সূত্ৰত প্ৰকাশ যে লোকসভা পৰ্যন্ত এটা বিধানসভাৰ নিৰ্বাচনতো পৰাজিত হোৱা মানে মোদীয়ে স্বপ্ন পূৰণত বাধাৰ সৃষ্টি হোৱা । যোৱা আঠ ডিচেম্বৰত নিৰ্বাচনী ফলাফল প্ৰকাশৰ পাছত দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী ।

তাত উপস্থিত থকা সমৰ্থকসকলক উদ্দেশ্যি চমু ভাষণ দিয়াৰ পাছত তেওঁ দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰাজয়ৰ কাৰণ বিচাৰি বৈঠকত মিলিত হয় । এই বৈঠকত অমিত শ্বাহৰ উপৰি আছিল নড্ডা আৰু সন্তোষ ।

দলীয় সূত্ৰত প্ৰকাশ যে বৈঠকত প্ৰথমতে ভোটপ্ৰাপ্তিৰ পৰিসংখ্যাক লৈ আলোচনা হয় । ইয়াত দেখা যায় যে হিমাচলত মাত্ৰ ০.৯ শতাংশ ভোট কমকৈ পাইছে বিজেপিয়ে । একেদৰে দিল্লীত আম আদমি পার্টিতকৈ তিনি শতাংশ ভোট কম পাইছে বিজেপিয়ে ।

বৈঠকত মোদীয়ে কয় যে এই পৰিসংখ্যাই স্পষ্ট কৰিছে যে দলীয় সংগঠনে ভালদৰে কাম কৰিছে । সাংগঠনিক দিশৰ পৰা প্ৰস্তুতিৰ কোনো অভাৱ নাছিল ।

ইপিনে, হিমাচলৰ নিৰ্বাচনত বিজেপিৰ প্ৰচাৰৰ মাত্ৰাৰ স’তে বিৰোধীয়ে সুৰ মিলাব পৰা নাছিল । সূত্ৰটোৱে কয় যে মোদীয়ে এই ধাৰণা কৰিছে যে দিল্লী আৰু হিমাচলত দলৰ সংগঠনে ভালদৰে কাম কৰিলেও পৰাজয়ৰ মূল কাৰণ হ’ল টিকট আবণ্টনত বিসংগতি । হিমাচলত টিকট দিয়াৰ দায়িত্বত আছিল নড্ডা ।

দলীয় সূত্ৰত প্ৰকাশ যে প্ৰায় ২০ জন বিধায়কৰ এইবাৰ টিকট কৰ্তন কৰা হৈছিল । প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথা মনত ৰাখি নতুন মুখ দিছিল নড্ডাই । আৰম্ভণিৰে পৰাই বিক্ষুব্ধসকলে প্ৰাৰ্থীৰূপে থিয় দিব বুলি বিজেপি নেতৃত্বই জানিছিল । ইয়াৰ পাছতো নড্ডায় কিয় তেওঁলোকক কাষলৈ চপাই অনাৰ চেষ্টা নকৰিলে তাকে লৈ বৈঠকত প্ৰশ্ন উঠে ।

একাংশ কেন্দ্ৰীয় নেতাৰ মতে, নিজৰ ৰাজ্যত নিৰ্বাচন বুলিয়ে কিছু হ’লেও আত্মতুষ্টিত ভুগিছিল নড্ডাই । প্ৰধানমন্ত্ৰী মোদীয়ে সকলোখিনি চম্ভালি পেলাব বুলি তেওঁ আশা কৰিছিল । বাস্তৱত তেনে নহ’ল । কে’বাখনো আসনত বিক্ষুব্ধসকলে ভোট কৰ্তন কৰাৰ ফলত দলীয় প্ৰাৰ্থী পৰাজিত হোৱা বুলি ‌দলৰ সূত্ৰত প্ৰকাশ ।

নড্ডাৰ এই ধৰণৰ গা এৰা দি‌য়া মনোভাৱত প্ৰধানমন্ত্ৰী ক্ষুব্ধ হৈছে । সেয়েহে যোৱা আঠ ডিচেম্বৰৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আগন্তুক বৰ্ষত নিৰ্বাচন হ’বলগীয়া নখন ৰাজ্যত টিকট আবণ্টনৰ দায়িত্বত নড্ডাৰ কোনো পোনপটীয়া ভূমিকা নাথাকিব ।

তেওঁ কেৱল সাংগঠনিক দিশ শক্তিশালী কৰাৰ কামত গুৰুত্ব আৰোপ কৰিব । ইপিনে, আৰম্ভণিৰে পৰা দিল্লী পৌৰ নিৰ্বাচনত দলীয় টিকট আবণ্টনক লৈ বি এল সন্তোষৰ বিৰুদ্ধে অভিযোগ আছিল যদিও তাক আঁতৰ কৰাত গুৰুত্ব প্ৰদান কৰা নহ’ল ।

Exit mobile version