Feet Care Tips : শীতত ফটা ভৰিৰ সমস্যাৰ পৰা কেনেকৈ ৰক্ষা পৰিব ? জানিবলৈ পঢ়ক

f09b3f6e 56a2 4721 8e31 1df42a0527cd

Feet Care Tips :

শীত অহাৰ লগে লগেই প্ৰায় মানুহৰ ভৰি ফটা সমস্য়া আৰম্ভ হয় । এনেসময়ত বহুতেই ঘৰতে পেডিকিউৰ কৰে যদিও চাবোন ব্যৱহাৰ কৰিব নোৱাৰে । কাৰণ ভৰিৰ ছাল শুকাই যোৱাৰ লগে লগে চাবোন ব্যৱহাৰ কৰিব নোৱাৰি । চাবোন ব্যৱহাৰ কৰিলে ছাল অধিক শুকাই যোৱাৰ সম্ভাৱনা থাকে ।

সেইয়েহে ভৰিৰ ছাল পৰিষ্কাৰ কৰি ৰাখিবলৈ এপ’ল চিডাৰ ভিনেগাৰ ব্যৱহাৰ কৰিব লাগে । এপল চিডাৰ ভিনেগাৰত থকা এচিডে সংক্ৰমণ ৰোধ কৰাত সহায় কৰে । গতিকে সময় পালেই এটা পাত্ৰত গৰম পানী লৈ এপল চিডাৰ ভিনেগাৰ মিহলি কৰি ১০-১৫ মিনিট পৰ্যন্ত ভৰি দুখন তিয়াই ৰাখিব লাগে ।

ইফালে ঠাণ্ডা অহাৰ লগে লগেই প্ৰায় মানুহে মোজা পিন্ধিবলৈ আৰম্ভ কৰে । মোজা পিন্ধাৰ ফলত ভৰি দুখন ঘামি যায় আৰু পিছত ভৰিৰ পৰা দুৰ্গন্ধ বাহিৰ হয় । আচলতে ভৰি ঘামিলে ভৰিত এবিধ বেক্টেৰিয়া উৎপন্ন হয় । কিন্তু ভিনেগাৰ পানীৰে ভৰি ধুলে এই সমস্যাৰ পৰা মুক্তি পাব পাৰি ।

তদুপৰি ফটা ভৰিৰ সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ নিশা সদায় এটা পাত্ৰত কুহুমীয়া পানীত অলপ নিমখ মিহলাই ভৰি দুখন ডুবাই ৰাখিব লাগে । কিছু সময়ৰ পিছত ভৰি দুখন উঠাই পৰিষ্কাৰ পানীৰে ধুই গ্লিচাৰিণ সানি শুই পৰিব লাগে । পুৱা ভৰি দুখন মসৃণ হৈ পৰাৰ লগতে দৈনিক কৰিলে ফটা ভৰিৰ সমস্যা দূৰ হোৱাটো খাটাং ।

ভৰি ফাটিলে কেতিয়াও ধুলি-বালি পৰিবলৈ দিব নেলাগে । ধুলি-বালি পৰিলে ভৰি ফটা সমস্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে । তেনেক্ষেত্ৰত সদায় ভৰি দুখন চাফাকৈ ৰাখি মোজা পৰিধান কৰিব লাগে ।

Exit mobile version