Guwahti An2 Cab:গুৱাহাটী মহানগৰত নতুন এ.এন.টু কেব সেৱাৰ শুভাৰম্ভ

প্ৰাক্তন আয়ুক্ত -সচিব বীৰেন ফুকনে মুকলি কৰিলে এই সেৱাৰ

WhatsApp Image 2022 12 16 at 20.18.48 1

Guwahti An2 Cab:

গুৱাহাটী মহানগৰীৰ পৰিবহন খণ্ডত নতুনকৈ সংযোজন হোৱা এ.এন.টু কেব সেৱাৰ আজি শুভাৰম্ভনি হৈ যায় ৷ মহানগৰীৰ পাঞ্জাবাৰী পথৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যলয় প্ৰেক্ষাগৃহত অনু্ষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত এই এ.এন.টু কেব সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ অবসৰপ্ৰাপ্ত আয়ুক্ত- সচিব বীৰেন ফুকনে ৷

শুভাৰম্ভণি ভাষণত সচিবগৰাকীয়ে কয় যে ‘ক্ৰমবৰ্ধিত জনসংখ্যা আৰু বাণিজ্যিক অভিকেন্দ্ৰ হৈ পৰা গুৱাহাটী মহানগৰীত অনাগত দিনত এই সেৱাই সাধাৰণ ৰাইজক যাতায়তৰ ক্ষেত্ৰত বহুলভাৱে উপকৃত কৰিব ৷

সম্পূৰ্ণভাৱে স্থানীয় প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত এই সেৱাই মহানগৰীত সাধাৰণ ৰাইজ আৰু গাড়ী চালক উভয়কে উপকৃত কৰি তুলিব বুলি বক্তব্য প্ৰদাণ কৰে এ.এন.টু কেবৰ সঞ্চালক নাজিৰ হুছেইনে ৷

উল্লেখযোগ্য যে বহুৰাষ্ট্ৰীয় কোম্পানীৰ দ্বাৰা পৰিচালিত এই কেব ব্যৱস্থাত প্ৰায়েই সৰ্বসাধাৰণ ৰাইজে দূৰ্ভোগ ভুগি থকা বুলি অভিযোগ শুনিবলৈ পোৱা যায় ৷

এ.এন.টু কেব সেৱাই এই সকলোবোৰ দিশলৈ লক্ষ্য ৰাখি ন্যুনতম খৰচত জনসাধাৰনলৈ উত্‍কৃষ্টতম সেৱা আগবঢ়াব বুলি মন্তব্য প্ৰদাণ কৰে এ.এন.টু কেবৰ সঞ্চালক গৰাকীয়ে ৷

লগতে তেও কয় যে গ্ৰাহকে নিজৰ স্মাৰ্টফোনটোৰ দ্বাৰা ‘এ.এন.টু কেব’ এপচটো ডাউনলোড কৰি প্ৰত্যক্ষভাৱে নিজৰ বাহন বুক কৰাৰ লগতে নিজৰ গন্তব্যস্থানলৈ ভ্ৰমণ সুনিশ্চিত কৰিব পাৰিব৷ ভাড়াৰ ক্ষেত্ৰত সকলো অনলাইন মাধ্যমতে পৰিশোধ কৰাৰ সুবিধা থকাৰ লগতে সাধাৰণ শ্ৰেণীৰ পৰা ভি.আই.পিলৈকে কেইবাটাও শ্ৰেণীত গ্ৰাহকে নিজৰ বাহন বুক কৰিব পাৰিব ৷

এই সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ‘ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক’ দিপ্লু ৰঞ্জন শৰ্মা আৰু জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়াইও ভাষণ প্ৰদাণ কৰে |

মহানগৰীৰ কেইবাটাও কেবচালক সন্থাৰ বিষয়ববীয়াকে ধৰি তিনি শতাধিক কেবচালকেও এই সভাত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটো সঞ্চালনা কৰে জনপ্ৰিয় অভিনেত্ৰী তথা লেখিকা তন্ত্ৰালী মূৰ্ছনাই ৷

Exit mobile version