Jorhat Assam Cabinet : যোৰহাট কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত 

WhatsApp Image 2022 12 15 at 21.44.13

Jorhat Assam Cabinet :

যোৰহাট আবৰ্ত্ত ভৱনত আজি নিশা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

গুৱাহাটী মহানগৰত নিৰ্মাণ হ’ব ৯২৩ কোটি ব্যয় সাপেক্ষ কে’বাখনো উৰণীয়া সেঁতু ৷

⭕ যিকোনো লোকেই সেৱা আগবঢ়াব পাৰিব অলা- উবেৰৰ ৷

⭕ নম্বৰ প্লেট প্ৰাইভেট হ’লেও আগবঢ়াব পাৰিব সেৱা ৷

⭕ বাইক-টেক্সি সেৱাৰ ৰেপিড’কো স্বীকৃতি দিয়ে কেবিনেটে ৷

⭕ পাব্লিক প্ৰচিকিউৰেট সকলৰ বাবে কেডাৰৰ ব্যৱস্থা ৷

⭕ ২০৬ মেগাৱাট বিদ্যুৎ ৰাজ্যৰ বাহিৰৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত ৷

⭕ মহানগৰীৰ ষ্ট্ৰীট লাইটসমূহ চৰকাৰীভাৱি মেৰামতি ৷

আনহাতে যোৰহাটৰ বাবে কেবিনেট লয় বহু কেইটা উন্নয়নমূলক সিদ্ধান্ত :

⭕ অসমমালা আঁচনিৰ অধীনত ধোদৰ আলি নকছাৰিৰ পৰা কাকডোঙালৈ ২০০ কোটি টকা ব্যয়ৰে পথ নিৰ্মাণ ৷

⭕ চকবজাৰ নিৰ্মাণৰ বাবে ৫০ কোটি টকা অনুমোদন ৷

⭕ যোৰহাটৰ খোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ ১০০কোটি টকা ৷

⭕ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈলৈ ১.৫ কি: মি: দৈঘ্যৰ এখন অভাৰব্ৰীজ ৷

⭕ বৰহলাৰ পৰা যোৰহাট কে বি ৰোড(ন- আলি)লৈ ৰাষ্ট্ৰীয় পথৰ আৰ্হিৰে ৪০০ কোটি টকা ব্যয় সাপেক্ষ বিকল্প পথ নিৰ্মাণ ৷

⭕ যোৰহাটৰ ক্লাৱ ৰোডক হেৰিটেজ ৰোড হিচাপে নিৰ্মাণ কৰিবৰ বাবে ২০ কোটি অনুমোদন ৷

⭕ যোৰহাট মেডিকেল কলেজ হাস্পতালৰ ছাত্ৰাবাস, ছাত্ৰী নিবাস আৰু পেয়িং কেবিন নিৰ্মাণৰ বাবে ১২০ কোটি অনুমোদন ৷
⭕ মৰিয়ণীত এখন অত্যাধুনিক ১০০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় নিৰ্মাণ হ’ব বিশ্ববেংকৰ অৰ্থ সাহায্যত ৷

Exit mobile version