Karimganj Bijoy Utsav: কৰিমগঞ্জত বিজয় দিৱস উদযাপন বিএছএফৰ

ছহিদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন নাগৰিকৰ

WhatsApp Image 2022 12 16 at 16.46.26 5

Karimganj Bijoy Utsav :

আজি ১৬ ডিচেম্বৰ ৷ বাংলাদেশৰ বিজয় দিৱস । এই উপলক্ষে বি এছ এফে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ গঠনত সন্মুখৰ পৰা পাকিস্তান সেনাৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰয়াত মেজৰ জেনেৰেল চমন লাল আৰু অন্যান্যসকলক ইন্দো-বাংলা সীমান্তৰ কৰিমগঞ্জ জিলা চহৰৰ কুচিয়াৰা নদীৰ কাষত থকা শ্বহীদ বেদীত উদযাপন কৰে বিজয় দিৱস

দিৱসৰ লগত সংগতি ৰাখি ছহিদস্তম্ভত পুষ্পস্তৱক অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিএছএফ নং ১৬ বেটেলিয়নৰ কমাণ্ডেণ্ট কে চি মীনা, সহকাৰী কমাণ্ডেণ্ট এছ যাদৱে ৷

একেদৰে সীমান্ত সচেতনতা মঞ্চৰ সভাপতি গৌতম দে আৰু প্ৰেছ ক্লাব কৰিমগঞ্জৰ সম্পাদক অৰূপ ৰয়েও ছহিদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে বিসৰ্জন ঘাটত বেলুন উৰুৱাৰ লগতে মিঠাই বিতৰণ কৰে উপস্থিত লোক সকলৰ মাজত ৷

Exit mobile version