Mp Dilip Saikia :লোকসভাত অসমৰ ৰেল সম্পকীয় গুৰুত্বপূৰ্ণ বিষয় উত্থাপন সাংসদ দিলীপ শইকীয়াৰ 

WhatsApp Image 2022 12 16 at 19.15.18

Mp Dilip Saikia :

মংগলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই সদনত অসমৰ ৰে’ল সম্পকীয় কেবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে । লোকসভাৰ শূণ্য কালীন সময়ত বন্ধ হৈ থকা বহু কেইখন যাত্ৰীবাহী ট্ৰেইন পুনৰ চলোৱাৰ বাবে ৰেলমন্ত্ৰীক অনুৰোধ জনায় ।

কভিডৰ পাছত ১৫৮৯৫/১৫৮৯৬, ১৫৬১৩ /১৫৬১৪ , আৰু ১৫৮১৫/১৫৮১৬ নম্বৰৰ মূৰ্ককছেলেংৰ পৰা গুৱাহাটীলৈ চলাচল কৰা লাচিত এক্সপ্ৰেছ , ইন্টাৰচিটি এক্সপ্ৰেছ ট্ৰেইন কেইখন বন্ধ হৈ আছিল ।

আজি সাংসদ দিলীপ শইকীয়াই সমগ্ৰ উত্তৰ অসমৰ ৰাইজৰ বহুদিনীয়া সমস্যাটো সংসদৰ মজিয়াত উত্থাপন কৰাত বিষয়টো অতি সোনকালেই সমাধান হ’ব বুলি ৰাইজে আশা কৰিছে ।

ইয়াৰ লগতে ডিব্ৰুগড়ৰ পৰা উৰিষ্যাৰ জগদলপুৰলৈ ৰঙাপাৰা-ৰঙিয়া হৈ নতুন ৰেল এখন দিয়াৰ বাবে দাবী জনায় ।

আনহাতে ৰঙিয়াবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনখনৰ ৰঙিয়াত ষ্টপেজ দিয়া বাবেও ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক দাবী জনায় মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ।

এতিয়া ৰেল বিভাগে এই দাবীসমূহক কিমান গুৰুত্ব প্ৰদান কৰে সেয়াহে হ’ব লক্ষণীয়

Exit mobile version