Azara: ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াই ভাবুকি আনিছে বৰঝাৰ বিমানবন্দৰলৈ

73f1bdd8 8c71 4c93 abc9 48dcf7277795

Azara :

আজাৰা ৰাজহ চক্ৰ এলেকাৰ তথা বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উত্তৰ দিশত থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াৰ আজিলৈকে বিজ্ঞান সন্মত স্থায়ী প্ৰতিৰোধ ব্যৱস্থা হৈ নুঠিল।

ফলস্বৰূপে নৈপৰীয়া অঞ্চলটোয়ে নহয় উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰিছে।

পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত উক্ত অঞ্চলটোৰ বান আৰু গৰাখহনীয়া সমস্যা বহু পূৰণি। অঞ্চলটোৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও এনে ব্যৱস্থাৰ প্ৰতি জনসাধাৰণ আজিলৈ আশ্বস্ত হ’ব পৰা নাই।

উল্লেখযোগ্য যে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ‘ৰানৱে’ৰ এলেকা সম্প্ৰসাৰণ কৰাৰ ফলত ব্ৰহ্মপুত্ৰৰ দূৰত্ব যথেষ্ট হ্ৰাস পাইছে।

এনে অৱস্থাত বিমানবন্দৰৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰৰ দূৰত্ব প্ৰায় ৮০০ মিটাৰ। ইয়াৰ বিপৰীতে সেই স্থানত ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বিজ্ঞান সন্মত স্থায়ী প্ৰতিৰোধ ব্যৱস্থা হৈ উঠা নাই বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।

অৱশ্যে ১৯৮৮ চনৰ পৰা ব্ৰহ্মপুত্ৰৰ বানে বিমানবন্দৰৰ চৌপাশৰ বিভিন্ন এলেকা কেবাবাৰো বুৰাই পেলায়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিগত সময়চোৱাত বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কে’বাটাও ৰিং বান্ধ নিৰ্মাণ কৰা হৈছিল যদিও সেয়া ফলপ্ৰসূ নহ’ল।

ইয়াৰ পাছতে ২০০৭ চনত ধাৰাপুৰৰ পৰা গড়ল হৈ মাজিৰগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে নাবাৰ্ডৰ অধীনত গড়লত প্ৰায় ৩০০ মিটাৰ অংশত বান্ধ নিৰ্মাণৰ বাবে ৩.১৫ কোটি টকা ব্যয় কৰা হৈছিল।

পিছে নিৰ্মাণৰ কেইমাহমানৰ পাছতে সেই বান্দৰ কে’বাটাও অংশ ভাগি পৰে। ইয়াৰ পিছত শেহতীয়াকৈ পুনৰ জলসম্পদ বিভাগৰ অভিলাষী আঁচনি অনুসৰি গুৱাহাটী পূৱ জলসম্পদ সংমণ্ডলৰ অধীনত ধোপৰতলৰ পৰা গড়ললৈ ১৮৫ মিটাৰ অংশ ২.২৪ কোটি টকা ব্যয় সাপেক্ষে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হয়।

চৰকাৰী ভাবে এনেদৰে বিভিন্ন আঁচনিৰে বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লোৱা হৈছে যদিও জনসাধাৰণ এতিয়াও বান আৰু গৰাখহনীয়াক লৈ চিন্তিত হৈ আছে।

কিয়নো জলসম্পদ বিভাগে ধোপৰতলৰ ব্ৰহ্মপুত্ৰৰ ঘাটত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পাৰি দিয়া শিলবোৰ উন্মুক্ত হৈ আছে।তেনে শিলবোৰত কোনো ধৰণৰ বান্ধ নাই।বাৰিষাত সময়ত যদিহে ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰে তেতিয়া উক্ত শিলবোৰ সহজতে বানপানীয়ে উটুৱাই নিয়াৰ সম্ভৱনাই অধিক।

তেনে অৱস্থাত উক্ত স্থানত ব্ৰহ্মপুত্ৰৰ বানপানীয়ে মথাউৰিৰ বিভিন্ন অংশত খহনীয়াৰ সৃষ্টি কৰাৰ সম্ভাৱনাই অধিক। আনফালে ব্ৰহ্মপুত্ৰৰ খহনীয়াই পূৰ্বে ক্ষতিগ্ৰস্ত কৰা মথাউৰিৰ একাংশ এতিয়াও স্থায়ীভাৱে মেৰামতিৰ কোনো ব্যৱস্থা নোলোৱাত স্থানীয় সচেতন জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে।

Exit mobile version