FIFA Rejects Ukrain President Zelensky Request : ফিফায়ে অগ্ৰাহ্য কৰিলে ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনস্কিৰ অনুৰোধ 

l7ul8h9g zelensky

FIFA Rejects Ukrain President Zelensky Request :

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ জনপ্ৰিয় ৰাষ্ট্ৰপতি ভ্লাডিমাৰ জেলেনস্কিয়ে সদ্য কাটাৰত চলি থকা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত দেশখনত চলি থকা যুদ্ধৰ পৰিস্থিতিত বিশ্বশান্তিৰ বাণী প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল ।

কিন্তু লক্ষণীয়ভাৱে ফিফা উদ্যোক্তা কমিটিয়ে তেওঁৰ এই আহ্বান আগ্ৰাহ্য কৰিছে । ফিফাৰ মতে বিশ্ব অতিকৈ জনপ্ৰিয় এই প্ৰতিযোগিতাত কোনো ৰাজনৈতিক বিষয় সংযুক্ত নকৰে ।

জেলেনস্কিয়ে বিচাৰিছিল যে , চূড়ান্ত খেলত ষ্টেডিয়ামৰ পৰা এনে যুদ্ধংদেহী পৰিস্থিতিৰ বাবে ফিফাই এটা শন্তিবাৰ্তা প্ৰেৰণ কৰক । কিন্তু জেলেনস্কিৰ এই আহ্বান আওকাণ কৰি ফিফাই এই প্ৰসংগ এৰাই চলা কাৰ্যই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ইফালে ইউক্ৰেইন ৰাষ্ট্ৰপতিজনে পুনৰ বিশ্বকাপৰ মঞ্চত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানৰ সমান্তৰালকৈ ইজৰাইলৰ সদন, ইউএচ লমেকাৰ্চ ,গ্ৰেমী এৱাৰ্ড , কান চলচ্চিত্ৰ মহোৎসৱ আৰু জি-২০ চুমিটত দেশখনৰ বৰ্তমানৰ পৰিস্থিতিক লৈ এক বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছিল ।

Exit mobile version