Odisha : এখন আচৰিত গাঁও ! এই গাঁৱৰ মানুহে ব্যৱহাৰ নকৰে বিছনা

সকলোৱে মজিয়াত কৰে নিদ্ৰাগ্ৰহণ

IMAGE 1670924448

Odisha

ঘৰত বিছনা থকাৰ পাছতো গাঁৱৰ সকলোৱে নিদ্ৰাগ্ৰহণ কৰে মজিয়াত। শৰীৰ বেয়া লাগিলেও বিছনা ব্যৱহাৰ নকৰে, মজিয়াতে শুৱে সকলোৱে ৷ আনকি ঘৰলৈ কোনোবা অতিথি আহিলেও মজিয়াতে নিদ্ৰাগ্ৰহণৰ ব্যৱস্থা কৰা হয়।

কিন্তু কিয় এই আজৱ নিয়ম মানি চলিছে গাঁওবাসীয়ে ? গাঁৱৰ সকলোৱে মজিয়াত নিদ্ৰাৰত হোৱাৰ কাৰণটো হৈছে আৰাধ্য দেৱীক সন্তুষ্ট কৰি ৰখা। গাঁওবাসীৰ বিশ্বাস, নিদ্ৰাগ্ৰহণৰ বাবে বিছনা ব্যৱহাৰ কৰিলে অঘটনা সংঘটিত হ’ব, দেৱী গৌত ক্ষুব্ধ হ’ব।

সেয়েহে সকলোৱে সদায় মজিয়াতে শুৱে, ভুলতো ব্যৱহাৰ নকৰে বিছনা। অবিশ্বাস্য যেন লাগিলেও ওড়িছাৰ তিপিৰছিংগা গাঁৱৰ বাসিন্দাসকলে কেতিয়াও বিছনা ব্যৱহাৰ নকৰে।

গাঁৱৰ বাসিন্দাৰ ঘৰত সাধাৰণতে বিছনা নাথাকে আৰু কাৰোবাৰ ঘৰত থাকিলেও সেই নিদ্ৰাগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা নহয়। এইখন গাঁৱৰ ৰাসিন্দাৰ বিশ্বাস যে বিছনাত শুলে তেওঁলোকৰ আৰাধ্য দেৱী ক্ষুব্ধ হ’ব আৰু ফলত যিকোনো অঘটন সংঘটিত হ’ব পাৰে।

এই শংকাৰে গাঁৱবাসীয়ে নিদ্ৰাগ্ৰহণ সদায় মজিয়াত বা মাটিত কৰে। দেওঘৰ জিলাৰ উক্ত গাঁৱত আদিবাসী সম্প্ৰদায়ৰ জনজাতি লোকে বসবাস কৰে আৰু তেওঁলোকৰ প্রচলিত বিশ্বাস অনুসৰি, বিছনাত শুলে আৰাধ্য দেৱী অসন্তুষ্ট হয়।

সেয়েহে গাঁৱৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে প্ৰচলিত পৰম্পৰা মানি বিছনাৰ পৰিৱৰ্তে মজিয়াত নিদ্ৰাগ্ৰহণ কৰে। গ্ৰাম্যবাসীয়ে পৰম ভক্তিৰে বাৰিহানি দেৱীৰ দয়াতে তেওঁলোকে সুখ-শান্তিৰে বসবাস কৰিব পাৰিছে।

লগতে বিশ্বাস কৰে যে বাৰিহানি দেৱীয়ে মানুহ বিছনাত নিদ্ৰাৰত হোৱাটো পছন্দ নকৰে। সেয়েহে বিছনাত শুলে অমংগল হয় বুলি গাঁওবাসীয়ে বিশ্বাস কৰে।

এক লোককথাও এই গাঁৱত প্ৰচলিত হৈ আহিছে৷ এবাৰ এক নৱবিবাহিত দম্পতীক উপহাৰ হিচাপে এখন খাট কইনাৰ পিতৃয়ে দিছিল।

বিয়াৰ পাছত সেই বিছনাত নৱ-দম্পতীয়ে নিদ্ৰাগ্ৰহণ কৰিছিল। কিন্তু মাজনিশা বিছনাখন ভাগি গ’ল। এই ঘটনাত গাঁওবাসীয়ে দেৱী অসন্তুষ্ট হোৱা বুলি গণ্য কৰিছিল।

উক্ত বিছনা ত্যাগ কৰি দম্পতীয়ে মজিয়াত নিদ্ৰাগ্ৰহণ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই এই গাঁৱত বিছনা কোনেও ব্যৱহাৰ নকৰে।

Exit mobile version